Horoscope:✒️মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।
বৃষ: আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয়, কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম শৰীৰৰ দুৰ্বলতা। শুভ ৰং বগা। শুভ সংখ্যা ৪।
মিথুন: কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং কমলা। শুভসংখ্যা ৩।
কর্কট: পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। শৰীৰো ভালে যোৱাৰ কাৰক। অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫।
সিংহ: কোনো আকস্মিক বাধা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল। দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
কন্যা: কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। এই ৰাশিৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভৰং গেৰুৱা। শুভ সংখ্যা ৭।
তুলা: কোনোৱে প্ৰৱঞ্চকৰ কৱলত পৰিব পাৰে। বিদ্যাত নতুন ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। ভ্রমণাদিত অমনোযোগী নহ’ব। শুভ ৰং কলা। শুভ সংখ্যা ৫।
বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ। পূৰ্বষাঢ়াৰ জাতক-জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং নীলা, শুভ সংখ্যা ১১।
ধনু: উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব।
মকৰ: পুৰণি পৰিবেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে। ভ্ৰমণত সষ্টম হওক। কোনোৱে প্রিয় বন্ধু বান্ধৱীৰ সংশত সুখ লাভ কৰিব যোগাযোগত সনাম।
কুম্ভ: কক্ষ চিন্তা অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনোযোগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে।
মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত। মতান্তৰ হ’বলগা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰু-সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব।
