Pakistan:✒️পাকিস্তানত সংখ্যালঘু হিন্দু সম্প্রদায়ক নিৰ্যাতনৰ ঘটনা নতুন নহয়। বিগত কে’বাদশক ধৰি পাকিস্তানত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকে নানা ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে।
এইবাৰ দেশখনৰ সিন্ধু প্ৰদেশৰ হায়দৰাবাদ চহৰত তিনিগৰাকী হিন্দু নাবালিকাক প্রথমে অপহৰণ আৰু পাছত বলপূর্বক ধৰ্মান্তকৰণ কৰি মুছলমান পুৰুষৰে নিকাহ সম্পন্ন কৰাৰ অভিযোগ উঠিল।
দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকে এনে নিৰ্যাতনৰ বিৰোধিতা কৰি আহিছে। পীড়িতৰ পৰিয়ালৰ লোকে অভিযোগ দাখিল কৰাৰ পাছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
অভিযোগনামাত পীড়িতৰ পৰিয়ালে উল্লেখ কৰা অনুসৰি, যোৱা ১৩ জুলাইত সিন্ধু প্রদেশত সংধাৰ জিলাৰ পৰা তিনিগৰাকী হিন্দু নাবালিকাক অপহৰণ কৰা হৈছিল আৰু পাছত তেওঁলোকক বলপূর্বক ধৰ্ম পৰিৱৰ্তন কৰি মুছলমান ব্যক্তিৰ স’তে নিকাহ সম্পন্ন কৰোৱা হৈছিল।
বুধবাৰে সিন্ধ উচ্চ ন্যায়ালয়ৰ হায়দৰাবাদ বিচাৰপীঠত তিনি নাবালিকাক হাজিৰ কৰোৱা হৈছিল আৰু তেওঁলোকে স্বইচ্ছাই ধর্ম পৰিৱৰ্তন কৰি মুছলমান যুৱকক বিবাহ কৰোৱা বুলি স্বীকাৰোক্তি দিছিল।
পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, অপহৰণকাৰীয়ে দিয়া ভয়-ভাবুকিৰ কাৰণত তিনি নাবালিকাই স্বইচ্ছাই ধৰ্মান্তৰিত আৰু নিকাহ কৰাৰ কথা আদালতত প্ৰকাশ কৰিলে।






























