Theft Arrested In Guwahati : বহি:দেশত চুৰি বাহন বিক্ৰী কৰা মেঘালয়ৰ কুখ্যাত চোৰৰ দলক আটক গুৱাহাটী আৰক্ষীৰ

meghalaya

Theft Arrested In Guwahati :

গুৱাহাটী সহ ৰাজ্যৰ ভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য সমূহত সঘনাই চুৰি হোৱা বাইক আৰু চাৰিচকীয়া বাহন সমূহ বহি:দেশত বিক্ৰী কৰি অহা কুখ্যাত চোৰৰ গেং এটাক আটক কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী ৷ ধৃত চাৰিচোৰ মেঘালয়ৰ বাসিন্দা

আটকাধীন চোৰ কেইটাই আৰক্ষী জেৰাত সদৰি কৰা মতে গুৱাহাটী সহ উত্তৰ-পূবৰ পৰা তেওঁলোকৰ তত্ত্বাৱধানত চুৰি হোৱা বাইক আৰু চাৰিচকীয়া বাহন সমূহ মুহূৰ্ততে সৰবৰাহ কৰে ম্যানমাৰ, নেপাললৈ । তাতে তেওঁলোকে তাৰ সৰবৰাহৰাৰীৰ জৰিয়তে বিক্ৰী কৰে ৷

ধৃত চাৰি চোৰৰ নাম ৰিকি ৰেনে, জাম্ৰেমি গছংগা, ভিনচেন্ট খাৰকংগোৰ আৰু ৰলিয়াচ লাপাং ৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰ কেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version