UPPL:বিটিআৰত পুনৰ অশান্তি হ’লে দায়ী হ’ব মুখ্যমন্ত্রী

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্র বিষোদগাৰ ইউপিপিএলৰ

uppl

UPPL:

বিটিআৰৰ আসন্ন নিৰ্বাচনত বিজেপিৰ আগ্রাসী স্থিতিক লৈ মিত্র দল ইউপিপিএলৰ তীব্ৰ ক্ষোভ-অসন্তুষ্টি আজি মুকলিকৈ প্ৰকাশ কৰে দলৰ ওদালগুৰি জিলাৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে। বিটিআৰ নির্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পাছৰে পৰা মিত্রদল ইউপিপিএলৰ স’তে শীতল সংঘাত অব্যাহত আছিল।

ইয়াৰ মাজতে ওদালগুৰি জিলা সভাপতি বসুমতাৰীয়ে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিষোদগাৰ কৰে। তেওঁ কয়, ‘ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিটিআৰ নিৰ্বাচনক লৈ যি ধৰণৰ ভাষ্য প্ৰদান কৰি আহিছে সেয়া আমি বুজিব পৰা নাই। বিজেপিয়ে কাৰো লগত মিত্রতা নকৰাকৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বিষয়ে উল্লেখ কৰি আহিছে মুখ্যমন্ত্রীয়ে। অবড়ো সুৰক্ষাৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বুলি মুখ্যমন্ত্রীয়ে ভাষ্য দি আহিছে। কিন্তু অবড়ো কোন আমি বুজি পোৱা নাই। বড়ো-অবড়ো শব্দৰ দ্বাৰা আমি বহু বছৰ বিটিআৰত অশান্তিত দিন কটালো।

কিন্তু বিটিআৰ চুক্তিৰ পাছত প্রমোদ বড়োৰ নেতৃত্বত চৰকাৰ অহাৰ পাছত বিটিআৰ অঞ্চলত বড়ো-অবড়ো শব্দ নোহোৱা হ’ল। বিটিআৰত আমি বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ লোকে এতিয়া এটা পৰিয়ালৰ দৰে শান্তিৰে বাস কৰি আছো। কিন্তু ইয়াত ৭০ শতাংশ অবড়োৰ বাবে বিজেপিয়ে নির্বাচন খেলিব বুলি ভাষ্য প্রদান কৰি অহাটো এক আচৰিত কথা। মুখ্যমন্ত্রীজনৰ এনে ভাষ্যৰ পৰা আমি সন্দেহ কৰিছো যে বিটিআৰত বড়ো-অবড়ো ভাগ ভাগ কৰাটো হিমন্ত বিশ্ব শর্মা বা বিজেপি নেকি? আমি তেনেদৰে অনুমান কৰিবলৈ বাধ্য হৈছো।’

তেওঁ পুনৰ কয়, ‘যদি পুনৰ বিটিআৰ অঞ্চলত বড়ো অবড়োৰ মাজত ভাগ ভাগ হয় তেন্তে বিটিআৰত পুনৰ অশান্তিৰ সৃষ্টি হ’ব আৰু এই অশান্তিকৰ পৰিৱেশৰ বাবে দায়ী হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি। কাৰণ এয়া আমাৰ বাবে ভাল লক্ষণ নহয়। আমি বিজেপিৰ পৰা এয়া কামনা কৰা নাই। বিটিআৰ অসমৰ ৩৫ খন জিলাৰ ভিতৰতে অন্তর্ভুক্ত। গতিকে অসমৰ মুখ্যমন্ত্রী হিচাপে তেওঁ কিয় মাত্র পাঁচখন জিলাৰ অবড়োৰ বাবে চিন্তা কৰিলে? তেওঁ সমগ্ৰ অসমৰ অবড়োৰ কথা নকৈ বিটিআৰত বড়ো-অবড়ো সৃষ্টি কৰিবলৈ এই কথা কৈছে।’

ইফালে পূৰ্বৰ কংগ্ৰেছ-বিপিএফ মিত্রজোটৰ স’তে বিজেপি-ইউপিপিএলৰ মিত্ৰতা তুলনা কৰি সভাপতি বসুমতাৰীয়ে কয়, ‘বিটিআৰ অঞ্চল এসময়ত বহু অশান্তিৰে জৰ্জৰিত আছিল। কোনেও কাকো বিশ্বাস কৰা নাছিল। কিন্তু আজি প্রমোদ বড়োৰ নেতৃত্বত বিটিচিত এশ শতাংশই শান্তি আহিছে। যাৰ বাবে বিটিচিবাসী আজি শান্তিত আছে। ইয়াত সকলোৱে নির্বাচন খেলিব পৰাৰ পৰিৱেশ আহিছে। এই শান্তি চুক্তি বিজেপিৰ নেতৃত্বতে স্বাক্ষৰ কৰা হৈছিল। কিন্তু আজি বিজেপিয়ে বিটিআৰৰ প্ৰায় গোটেইকেইটা সমষ্টিৰ লগতে ওদালগুৰিৰ ১০ টা সমষ্টিতে নির্বাচন খেলিম বুলি মন্তব্য প্রকাশত আশ্চর্যবোধ কৰিছো।’

তেওঁ কংগ্রেছক প্রশংসা কৰি কয়, ‘কিয়নো কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৩ত হোৱা বিটিচি চুক্তিৰ পাছত কংগ্রেছে এই অঞ্চলৰ ৰাজনৈতিক চিন্তা-চৰ্চা নকৰি চুক্তি স্বাক্ষৰকাৰীসকলৰ হাততে কেৱল ৰাজনৈতিক প্রাধান্য এৰি দিছিল। এই অঞ্চলৰ অভাৱ-অভিযোগ আন্দোলনকাৰীসকলেহে বুজি পায়। সেই কথা কংগ্রেছে অনুভৱ কৰি হাগ্ৰামাক ১৫ বছৰ শাসন কৰিবলৈ দিলে। কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ নেতৃত্বত ২০২০ত বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত আজি বিজেপিয়ে আশ্চর্যজনকভাৱে বিটিচি দখল কৰাৰ মন্তব্য দি আহিছে।

যাৰ নেতৃত্বত চুক্তি কৰা হয়, তেওঁলোকে চুক্তি স্বাক্ষৰকাৰীসকলক সহায় কৰিব লাগে। কিন্তু তাকে নকৰি বিজেপিয়ে বিটিআৰৰ শাসন কাঢ়ি দখল কৰাৰ চেষ্টা কৰি আছে। এয়া কোনো শুভ লক্ষণ নহয়। বিজেপিয়ে বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰীৰ ওপৰতহে গুৰুত্ব দিব লাগে। তাকে নকৰি চুক্তিৰ নামত ৰাজনৈতিক লাভালাভক প্রাধান্য দিয়াৰ অনুমান হৈছে।’ এয়া বিটিআৰবাসীৰ বাবে শুভ লক্ষণ নহয় বুলিও ইউপিপিএলৰ ওদালগুৰি জিলা সমিতিৰ সভাপতিগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰে।

মনকৰিবলগীয়া বিষয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে মন্তব্য কৰি আহিছে যে বিটিআৰত বিজেপি-ইউপিপিএলে পৃথকে নির্বাচন খেলিলেও এটা দলে আনটো মিত্ৰদলক আক্ৰমণ কৰি কথা ক’ব নালাগে। তেনে সময়ত ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীৰ ভাষ্যই তাৎপর্য বহন কৰিছে।

Exit mobile version