Chhattisgarh:✒️নক্সাল দমনত নিৰাপত্তা বাহিনীৰ আন এক বৃহৎ সফলতা । চত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত বন্দুকৰ গুলীত নিহত হয় কমেও ছজন মাওবাদী। প্ৰাপ্ত তথ্য অনুসৰি উদ্ধাৰ হৈছে এক-৪৭ আৰু এছ এল আৰ ৰাইফলকে ধৰি বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ।
আবুঝমাৰ অঞ্চলত লুকাই থকা মাওবাদীৰ তথ্য লাভ কৰাৰ পাছতে এই অভিযান আৰম্ভ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰষুণৰ মাজত চলা এই অভিযানত মাওবাদীৰ সৈl’তে হোৱা বন্দুকৰ যুঁজৰ অন্তত ছটা মৃতদেহ আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হয়।
চত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই কয় যে শুকুৰবাৰে মহাৰাষ্ট্ৰ সীমান্তৰ সমীপৰ নীলাংগুৰৰ উত্তৰ আৰু জাৰ্পাৰ দক্ষিণে থকা আবুঝমাৰ অঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
তাত ২৪ ঘণ্টীয়া তালাচী অভিযানত ছজন ইউনিফৰ্ম পৰিহিত মাওবাদী নিহত হয়। তেঁও কয়,”তালাচী অভিযানৰ অন্তত ছয়জন লোকৰ মৃতদেহৰ উপৰিও তাৰ পৰা বহু সংখ্যক আগ্নেয়াস্ত্ৰ, বিস্ফোৰক আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰৰ ভিতৰত এটা এছ এল আৰ আৰু এটা এ কে-৪৭ ৰাইফল আছে। তাত মাওবাদীৰ কোনো শীৰ্ষ নেতা বা কেডাৰ থকাৰ সন্দেহ কৰা হৈছে।”
যদিও মৃতসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।






























