Chhattisgarh:✒️চত্তীশগড়ত প্ৰতি ২০ মিনিটত চাইবাৰ জালিয়াতিৰ বলি হয় এজন ব্যক্তি। প্ৰতি ঘণ্টাত হিচাপ কৰিলে সংখ্যাটো তিনি। এনে আতংকজনক তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ পৰ্টেলৰ প্ৰতিবেদনত।
চত্তীশগড় বিধানসভাত এনে তথ্য দাঙি ধৰে বিজেপিৰ দুই বিধায়ক সুনীল ছোনী আৰু গজেন্দ্ৰ যাদৱে ।
চাইবাৰ জালিয়াতিৰ ক্ষেত্ৰত ৰাজ্যখনক অধিক সচেতন কৰা উচিত বুলি তেওঁলোকে কয়। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেৱল চত্তীশগড়তে ভুৱা লিংক, ভুৱা ফোন কল, ডিজিটেল গ্ৰেপ্তাৰৰ নামত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৫ চনৰ জুন মাহলৈকে কেৱল চত্তীশগড়তে ৬৭,৩৮৯ জন লোক চাইবাৰ জালিয়াতিৰ বলি হৈছিল।
প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই সময়ছোৱাত প্ৰৱঞ্চকে ৭৯১ কোটি টকা আত্মসাৎ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰতো ১৬ হেজাৰ অভিযোগ দাখিল কৰা হৈছে। ইয়াৰে তদন্তকাৰীয়ে মাত্ৰ ১০৭ জন প্ৰতাৰিত লোকৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সুনীল ছোনীয়ে বিধানসভাত কয়,”চাইবাৰ অপৰাধ কেৱল চুৰি নহয়, ই ভুক্তভোগীৰ বাবে মানসিক যুদ্ধও।” সমগ্ৰ ৰাজ্যতে চাইবাৰ অপৰাধ সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ বাবে অভিযান চলোৱাৰ দাবী জনায়।
চাইবাৰ অপৰাধৰ বৃদ্ধি স্বীকাৰ কৰি উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই কয় যে চাইবাৰ অপৰাধ “এটা বিশ্বব্যাপী প্ৰত্যাহ্বান”।
চত্তীশগড় প্ৰশাসনৰ সূত্ৰ অনুসৰি পাঁচটা নতুন চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হৈছে। বাজেটত আৰু নটা ষ্টেচন স্থাপনৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা হৈছে।
প্ৰতিখন থানাতে এতিয়া চাইবাৰ চেল আছে। চাইবাৰ অপৰাধৰ বাবে একান্তভাৱে ৰায়পুৰত এটা ভৱন স্থাপন কৰা হৈছে।
চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে নিযুক্তি দিয়া হৈছে ১২৯ জন আৰক্ষী জোৱান। আৰক্ষী বিষয়াসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।






























