Delhi high court:✒️অৱশেষত সকাহ পালে দিল্লীৰ তবলিগী জামাতৰ ৭০ ভাৰতীয় অংশগ্রহণকাৰীয়ে। ক’ভিড মহামাৰীৰ ভৰপক সময়ত ২০২০ৰ মাৰ্চত ক’ভিড নিয়ন্ত্রণ বিধি উলংঘাৰে দিল্লীৰ তবলিগী জামাতৰ অংশগ্রহণকাৰী বিদেশী নাগৰিকসকলক এই ৭০ জন লোকে আতিথ্য প্রদান কৰাৰ অভিযোগ উত্থাপন হৈছিল।
তেওঁলোকৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ১৬ টা গোচৰ ৰুজু কৰে। অৱশেত কালি দিল্লী উচ্চ ন্যায়ালয়ে এই ১৬টা গোচৰ খাৰিজ কৰে। এই গোচৰ খাৰিজ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণাই কয়, ‘অভিযোগনামাসমূহ খাৰিজ কৰা হ’ল।’
উল্লেখ্য যে ক’ভিড আতংকত দেশ ত্রস্ত হৈ থকাৰ সময়ত এই তবলিগী জামাত কাণ্ডই চৌদিশে তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। একাংশই ইয়াক ৰাজনৈতিক মুনাফা অৰ্জনৰ স্বাৰ্থতো ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা চলায়। এই তবলিগী জামাত কাণ্ডই অসমতো তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰে।
এই জামাতত অংশ লৈ উভতি অহা একাংশক আৰক্ষীয়ে গ্রেপ্তাৰো কৰে। এই জামাতৰ আয়োজকসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে দেশত ক’ভিড মহামাৰী বিয়পি পৰাত এই জামাতে অংশ লয় বুলি একাংশই ক্ষোভ প্রকাশ কৰে।
অৱশেষত উচ্চ ন্যায়ালয়ে এইসকলৰ অভিযোগ একপ্ৰকাৰ খণ্ডন কৰে। উল্লেখ্য যে এই ১৬টা গোচৰ খাৰিজৰ বিৰোধিতা কৰি দিল্লী আৰক্ষীয়ে ন্যায়ালয়ক অৱগত কৰে যে ক’ভিড নিয়ন্ত্রণ বিধি উলংঘন কৰি দিল্লীৰ নিজামুদ্দিন মার্কাজত এই তবলিগী জামাতৰ আয়োজন কৰা হৈছিল।
দিল্লী আৰক্ষীয়ে এই জামাতত অংশগ্ৰহণ কৰা বিদেশী নাগৰিকসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল। তেওঁলোকৰ একাংশই স্বদেশলৈ উভতি যোৱাৰ স্বাৰ্থত দোষ স্বীকাৰ কৰে। আনহাতে, একাংশক পূর্বে দোষমুক্ত কৰে আদালতে।
ইপিনে, আবেদনকাৰীয়ে কয় যে অতিৰঞ্জিত অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ ই এক উৎকৃষ্ট উদাহৰণ। ন্যায়ালয়ত আবেদনকাৰীৰ পক্ষত যুক্তি আগবঢ়ায় অধিবক্তা আছিমা মন্দলাই।






























