Guwahati Press Club Condemnation:
শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল এনডি ২৪ ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীন তথা অপমানসূচক মন্তব্য প্ৰকাশ কৰিলে। তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।
জ্যেষ্ঠ সাংবাদিকজনে কৰা তথ্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে চেনেলটোৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক ব্যক্তিগত ভাৱে আক্ৰমনৰ লক্ষ্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, অশালীন গালি গালাজো পাৰিবলৈ লয়।
এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব্যক্তিসকলে অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ্য কৰি লয়।ৰাজনীতিৰ লগত জড়িত সকলো ব্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সকিয়নী-ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহ তথ্যভিত্তিক উত্তৰে সমাধান কৰক, আক্ৰোশমূলক ভাৱে নহয়।
# সামাজিক মাধ্যমযোগে ক্ষমা প্ৰাৰ্থনা বিধায়ক এ কে ৰশিদ আলমৰ
শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল এনডি২৪ ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ্যি বিধায়ক এ কে ৰশিদ আলমে কৰা অশালীন তথা অপমানসূচক মন্তব্যৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে শনিবাৰে সামাজিক মাধ্যমযোগে বিধায়ক গৰাকীয়ে ক্ষমা প্ৰাৰ্থনা কৰে ।
ভিডিঅ ‘বাৰ্তাটোক বিধায়ক গৰাকীয়ে কয়,ৰাজদ্বীপ বাইলুং বৰুৱা ডাঙৰীয়া, মোৰ কথাই যদি আপোনাৰ মনত আঘাত দিছে, তাৰ বাবে মই দুঃখিত। আপোনাৰ ওচৰত মই ক্ষমা খুজিছোঁ । আপুনি কথাটো ধৰি নাথাকিব। আগৰ দৰেই আমি ৰাইজৰ হৈ কাম কৰো আহক।
তদুপৰি কালিৰ অবাঞ্চিত পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ বিভিন্নজনে সামাজিক মাধ্যমত মতামত দিয়া দেখিছোঁ। বিষয়টোৱে সংবাদ মাধ্যমৰ লগত জড়িতসকলৰ মনতো আঘাত দিছে। তাৰ বাবেও মই দুঃখিত।






























