Operation Sindoor:✒️শেহতীয়া ভাৰত- পাকিস্তানৰ যুদ্ধত গুলিত ভূপতিত হৈছিল পাঁচখন যুদ্ধবিমান। অপাৰেছন সিন্দূৰ সম্পৰ্কীয় চর্চাক আন এক মাত্রা দি এই দাবী কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বাৰম্বাৰ দাবী কৰি আহিছে যে পাক-ভাৰতৰ শেহতীয়া যুদ্ধ তেৱেঁই বন্ধ কৰিলে।
অৱশ্যে ভাৰতে মার্কিন ৰাষ্ট্ৰপতিজনৰ এই দাবীক খণ্ডন কৰি আহিছে। এনে অৱস্থাতে যোৱা নিশা ৰিপাব্লিকান সাংসদবৰ্গৰে ভোজত অংশ লৈ ট্রাম্পে দাবী কৰে যে যোৱা মে’ৰ পাক-ভাৰত যুদ্ধৰ সময়ত গুলিত পাঁচখন যুদ্ধবিমান ধ্বংস হয়।
অৱশ্যে দুয়োখন দেশৰ মাজৰ এই যুদ্ধৰ সময়ত কোন পক্ষৰ অৰ্থাৎ ভাৰত নে পাকিস্তানৰ যুদ্ধবিমান ধ্বংস হ’ল সেই কথা তেওঁ স্পষ্ট নকৰিলে। তেওঁ মাথোঁ কয়, ‘বাস্তৱিকতে মাজ আকাশত উৰি থকা অৱস্থাত পাঁচখন বিমান গুলীয়াই ভূপতিত কৰা হয়। পাঁচ, পাঁচ, চাৰি বা পাঁচ, কিন্তু মই ভাবো যে দৰাচলতে পাঁচখন যুদ্ধবিমান গুলিত ভূপতিত হয়।’
স্বাভাৱিকতে ট্রাম্পৰ এই দাবীয়ে অপাৰেছন সিন্দূৰক লৈ পুনৰ চৰ্চা বৃদ্ধি কৰিছে। ট্রাম্পে কোন পক্ষৰ পাঁচখনকৈ যুদ্ধবিমান ধ্বংস হোৱাৰ কথা ক’লে তাক লৈ বহুতৰ মনত কৌতূহলৰ সৃষ্টি হৈছে। উল্লেখ্য যে অপাৰেছন সিন্দুৰ চলি থকাৰ সময়ত পাকিস্তানে ৰাফেলসহ ছয়খন ভাৰতীয় যুদ্ধবিমান ধ্বংস কৰা বুলি দাবী কৰি আহিছে।
শত্রু দেশখনৰ এই দাবীক দৃঢ়তাৰে খণ্ডন কৰি আহিছে। পাকিস্তানে এই যুদ্ধবিমান ধ্বংস কৰাৰ প্ৰমাণ দিব নোৱাৰাত দেশখনৰ এই দাবী ভিত্তিহীনৰপে চিহ্নিত হৈছে। একেদৰে ৰাফেল তৈয়াৰকাৰী ফ্ৰান্সৰ প্ৰতিষ্ঠান ডাছাও এভিয়েচনৰ মুৰব্বী এৰিক ট্রেপিয়াৰে অলপতে পাকিস্তানৰ এই দাবীক তথ্যগতভাবে অশুদ্ধ আখ্যা দিয়ে।
এখন ফৰাচী আলোচনীৰ স’তে হোৱা সাক্ষাৎকাৰত ডাছাও এভিয়েচনৰ মুৰব্বীজনে কয়, ‘পাকিস্তানে তিনিখন ৰাফেল বিমান ধ্বংস কৰা বুলি যি দাবী কৰিছে সেয়া সঁচা নহয়। ইতিমধ্যে সম্পূর্ণ তথ্য জানিব পৰা গ’ল, বাস্তৱে বহুতক আচৰিত কৰিব পাৰে।’
অৱশ্যে ট্রেপিয়াৰে কয় যে অপাৰেছন সিন্দুৰৰ সময়ত যান্ত্রিক বিজুতিৰ ফলত এখন ৰাফেল বিমান ধ্বংস হৈছিল। আনহাতে, ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ কিছুদিন পাছত দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) অনিল চৌহানে এটা মার্কিন সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত কয়, ‘যুদ্ধবিমান ভূপতিত কৰাটো গুৰুত্বপূর্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল কিয় যুদ্ধবিমান ভূপতিত হ’ল। সংখ্যা গুৰুত্বপূৰ্ণ নহয়।’
যুদ্ধত ক্ষয়-ক্ষতি থাকে বুলিও চিডিএছ চৌহানে এই সাক্ষাৎকাৰত মন্তব্য কৰি পাকিস্তানে ছখন ভাৰতীয় যুদ্ধবিমান ধ্বংস কৰাৰ দাবী খণ্ডন কৰে। সময় আগবঢ়াৰ লগে লগে প্ৰসংগটো তল পৰিবলৈ ধৰে যদিও সম্প্রতি ট্রাম্পে কৰা দাবীয়ে বহুতৰে মনত কৌতূহল তীব্ৰতৰ কৰি তুলিছে।
নৈশভোজৰ অনুষ্ঠানত মার্কিন ৰাষ্ট্ৰপতিজনে লগতে কয়, ‘আমি বহুসংখ্যক যুদ্ধ বন্ধ কৰিলো। ভাৰত আৰু পাকিস্তান দুয়োখনে পৰমাণু শক্তিধৰ ৰাই পৰস্পৰক আঘাত হানি আছিল। সময় আগবঢ়াৰ লগে লগে সমস্যাটো ডাঙৰ হৈ আহিছিল। বাণিজ্যৰ জ সেই সমস্যা সমাধান কৰিলো।’
উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে এইবাৰ শান্তিৰ ন’বেল বঁটা লাভৰ প্ৰত্যাশাত বন্দী চর্চা হৈ আছে। এনে অংকৰে তেওঁ শেহতীয়া ইৰান-ইজৰাইলৰ যুদ্ধতো হস্তক্ষেপ কৰে বুলি চর্চিত হয়।






























