Tamilnadu:✒️চিকিৎসালয়ত প্ৰৱেশ কৰি পত্নীক ছুৰীৰে আক্ৰমণ কৰি হত্যা স্বামীৰ! তামিলনাডুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। তথ্য অনুসৰি, পত্নীক লগ কৰাৰ অজুহাত দেখুৱাই চিকিৎসালয়ত প্ৰৱেশ কৰিছিল লোকজনে।
তাৰ পাছত সকলোৰে সন্মুখত পত্নীক বাৰে বাৰে ছুৰীৰে আঘাত কৰি পলায়ন কৰে ধৃত স্বামী। বৰ্তমানৰ লৈকে সন্ধান পোৱা নাই
অভিযুক্তৰ ।
তথ্য অনুসৰি, মৃত মহিলাগৰাকী নাম শ্ৰুতি।তেওঁ তামিলনাডুৰ কৰূৰ জিলাৰ বাসিন্দা।স্বামী বিশ্রুতৰ লগত দীৰ্ঘদিনৰ বিবাহিত জীৱন কটাইছিল।
তেওঁলোকৰ দুটা সন্তানো আছে। কিন্তু শেহতীয়াকৈ তেওঁলোকৰ মাজত সমস্যা বাঢ়িছিল।শনিবাৰে বিয়লি ঘৰতে দুয়োৰে মাজত তুমুল কাজিয়াৰ সৃষ্টি হয় ।
এনেকৈয়ে তেওঁলোকৰ কাজিয়াৰ বৃদ্ধি পালে। তাৰ পাছত ২৭ বছৰীয়া শ্ৰুতি আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। শনিবাৰে নিশাৰ পৰা তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে ।
দেওবাৰে পত্নীক চাবলৈ যোৱাৰ অজুহাতত স্বামী বিশ্ৰুতে কটাৰী লৈ চিকিৎসালয়ত প্ৰৱেশ কৰে। তথ্য অনুসৰি,সেই সময়ত শ্ৰুতি অচেতন হৈ আছিল। হঠাৎ বিশ্ৰুতে লগত থকা কটাৰীখনেৰে শ্ৰুতিক ছুৰীৰে আঘাত কৰিবলৈ ধৰিলে।
উল্লেখ্য যে,শ্ৰুতিক কমেও তিনিবাৰকৈ ছুৰীৰে আঘাত কৰা হয়। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু আন লোকে কিবা অনুমান কৰাৰ আগতেই বিশ্ৰুতে শ্ৰুতিক ছুৰীৰে আঘাত কৰি পলায়ন কৰে।
চিকিৎসালয়ৰ কৰ্মচাৰী আৰু আন লোক উপস্থিত থাকিলেও তেওঁক কোনেও বাধা দিব পৰা নাছিল।তীব্ৰ ছুৰীৰে আঘাত পোৱাৰ বাবে শ্ৰুতিৰ থিতাতে মৃত্যু হয়।
বিশ্ৰুতৰ বিৰুদ্ধে ৰুজু হৈছে হত্যাৰ গোচৰ। বিশ্ৰুতক বিচাৰি উলিয়াবলৈও আৰম্ভ কৰা হৈছে এক অনুসন্ধান অভিযান। অৱশ্যে তেওঁক এতিয়াও বিচাৰি পোৱা নাই।
এই নৃশংস ঘটনাৰ পাছতে এতিয়া চিকিৎসালয়খনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে,কিছুদিন পূৰ্বে পাটনাৰ এখন চিকিৎসালয়ত প্ৰৱেশ কৰি এজন ৰোগীক গুলীয়াই হত্যা কৰিছিল।
এতিয়া তামিলনাডুৰ এখন চিকিৎসালয়ত প্ৰৱেশ কৰি পত্নীক হত্যা কৰিছে স্বামীয়ে।






























