Income tax:✒️ভাৰতত কৰ ৰেহাই কৰিব পৰা বিভিন্ন বিনিয়োগ আঁচনি আছে। তাৰ ভিতৰত এনে কিছুমান আঁচনি আছে, যিয়ে বিশেষকৈ মহিলাসকলক কেতবোৰ অতিৰিক্ত সুবিধা প্রদান কৰে। এই আঁচনিসমূহৰ সুবিধা লৈ মহিলাসকলে নিজৰ আয়, ব্যয় আৰু সঞ্চয় অনুযায়ী নিজৰ কৰ পৰিকল্পনা কৰিব পাৰে।
কৰৰ ক্ষেত্রত মহিলাসকলে কি কি সুবিধা লাভ কৰিব পাৰে আৰু তেওঁলোকে কেনেকৈ কৰ ৰাহি কৰিব পাৰে, সেই বিষয়ে জানো আহক…
আয়ৰ ওপৰত মহিলাসকলে ৫০ হেজাৰ টকা পর্যন্ত ষ্টেণ্ডার্ড ডিডাকচন দাবী কৰিব পাৰে।আয়কৰ আইনৰ ধাৰা ৮০চি অনুসৰি, মহিলাসকলে পাব্লিক প্রভিডেন্ট ফান্ড বা পিপিএফ, নেচনেল ছেভিংছ চার্টিফিকেট বা এনএছচি, এপ্লয়িজ প্রভিডেন্ট ফাণ্ড বা ইপিএফৰ দৰে কৰ ৰাহিকাৰী আঁচনিসমূহত বিনিয়োগ কৰি কৰ ৰাহি কৰিব পাৰে।
আনহাতে, আয়কৰ আইনৰ ধাৰা ৮০ডিৰ অধীনতো মহিলাসকলে নিজৰ নামত বা স্বামী, সন্তান আৰু পিতৃ-মাতৃৰ স্বাস্থ্য বীমাৰ প্রিমিয়ামৰ ওপৰতো কৰ ৰেহাই লাভ কৰিব পাৰে।লগতে, কোনো দাতব্য সংস্থাক দান হিচাপে দিয়া ধনৰ ক্ষেত্ৰতো কৰ ৰেহাই পাব পাৰে।
কৰ ৰাহিকাৰী কেইটামান জনপ্রিয় বিনিয়োগ আঁচনি সুকন্যা সমৃদ্ধি যোজনা: যদি আপোনাৰ কন্যাৰ বয়স ১০ বছৰ বা তাৰ তলৰ হয় তেন্তে ২১ বছৰ বয়স নোহোৱালৈকে তেওঁৰ নামত এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব। আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত, ইয়াত অধিক ৰিটাৰ্ণৰ সুবিধা আৰু কৰ ৰেহাইৰ সুবিধা আছে।
ইকুইটি-লিংকড ছেভিংছ স্কিম বা ইএলএছ এছ: ইএলএছএছ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলেও ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই দিয়া হয়।
পাব্লিক প্রভিডেন্ট ফাণ্ড বা পিপিএফ: পিপিএফ হৈছে দীর্ঘম্যাদী বিনিয়োগ আঁচনি। এই আঁচনিখনত বছৰি ১.৫ লাখ টকা পর্যন্ত বিনিয়োগৰ ক্ষেত্ৰত ৮০চি ধাৰাত কৰ ৰেহাই দিয়া হৈছে।
ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা বা এনপিএছঃ ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা বা এনপিএছৰ আওতাতো ৫০ হেজাৰ টকা পর্যন্ত অতিৰিক্ত কৰ ৰেহাই পাব পাৰে মহিলাসকলে।
গৃহ ঋণ ল’লেও কৰ ৰেহাই: মহিলাৰ নামত গৃহ ঋণ ল’লেও তুলনামূলকভাবে বেছি কৰ ৰাহি কৰিব পৰা যায়। আয়কৰ আইনৰ ২৪ নম্বৰ ধাৰা অনুসৰি, মহিলাৰ নামত গৃহ ঋণ ল’লে বছৰি দুই লাখ টকা পর্যন্ত সুত পৰিশোধৰ ক্ষেত্ৰত কৰ ৰেহাইৰ দাবী কৰিব পাৰি। য’ত নেকি, প্ৰথমবাৰৰ বাবে ঘৰ ক্ৰয় কৰা লোকসকলে গৃহ ঋণত ১.৫ লাখ টকা পর্যন্ত কৰ ৰেহাইৰ দাবী কৰিব পাৰে।






























