Ghagrapar:
নলবাৰী জিলাৰ ঘগ্রাপাৰৰ দুৰ্গা মন্দিৰ সভা গৃহ(বনভাগ বহুমূখীৰ ওচৰত) Drama 24 Assam আৰু Deka zubok ৰ উদ্যোগত আৰু নিউ ঝংকাৰ ডান্স ষ্টুডিঅৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে আজিৰে পৰা ২৫ জুলাই লৈ ছয়দিনীয়াকৈ গ্রীষ্মকালীন নাট আৰু নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কৰ্মশালাখনিৰ আৰম্ভণি কৰে বিশিষ্ট অভিনেতা তথা সমগ্র শিক্ষা অভিযান অসম, ৰাজ্যিক প্রালোচক ,শিক্ষক প্রশিক্ষক গোট, মজাফৰ আলীয়ে।আলীয়ে নিজৰ ভাষণত কয় য়ে শিক্ষার্থীসকলে শিক্ষা-দীক্ষাৰ সমান্তৰালভাৱে নাটক- নৃত্য, অভিয়ন কৰা অতি প্রয়োজন বুলি মন্তব্য কৰাৰ লগতে নাটকে ভাষা শুদ্ধকৈ শিক্ষাত সহায় কৰে বুলি মন্তব্য কৰে।
অনুষ্ঠানত জেষ্ঠ সাংবাদিক বিৰেন কলিতা, হামিদ আলী, দ্বিজেন ডেকা,নাট্যকাৰ তথা অভিনেতা লাচিত কলিতা, অভিনেত্রী জেছিকা বৰুৱা, নৃত্য শিক্ষক মুস্তাফিজুৰ ৰহমান,কৰ্মশালাখনিৰ নাটক প্রশিক্ষক নৱজ্যোতি কলিতা, ৰাতুল আহমেদ,মিন্টু আহমেদ আৰু জিতু দাসে। অনুষ্ঠানটিৰ পৰিচালনা সমিতিৰ সভাপতি দিপজ্যোতি বৰ্মন, সম্পাদক তথা নৃত্য শিল্পী নয়ন মেধিয়ে আত ধৰা অনুষ্ঠানটিত ভালেসংখ্যক ছাত্র- ছাত্রী তথা অভিভাৱকে অংশ গ্রহন কৰে।






























