Two cyber criminals arrested in Musalpur :
‘এশ গৰু মাৰিলে বাঘৰো মৰণ’ ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল দুই চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত ৷ দীৰ্ঘদিন ধৰি অনলাইনত প্ৰৱঞ্চনাৰে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰি আহিছিল ধন ৷ একেদৰে চাইবাৰ অপৰাধী দুজনে বেংকৰ ভুৱা একাউন্ট খুলি লুটিছিল কোটি কোটি টকা ৷
অৱশেষত দুই অপৰাধী পৰিল আৰক্ষী জালত ৷ বাক্সা আৰক্ষীয়ে মুছলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ কুখ্যাত চাইবাৰ অপৰাধী দুজনৰ নাম হিমাংশু দাস আৰু মানসজ্যোতি ডেকা ৷ বাক্সা আৰক্ষীয়ে অধিক জেৰাৰ বাবে দুয়োকে জেৰা চলাইছে ৷
