দিনটোৰ ৰাশিফল

horoscope week of may 19 2025

Horoscope:✒️মেষ: ব্যৱসায়ীসকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক, উকীল আদিৰ মধ্যম। ভ্রমণত সাৱধান হওক। প্রেমত শুভ সংযোগ। শুভ ৰং পাতল কমলা। শুভ সংখ্যা ১।

বৃষ: আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব। অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

মিথুন: ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কর্মক্ষেত্রত আর্থিক লেন-দেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। শুভৰং সেউজীয়া। শুভ সংখ্যা ৩।

কর্কট: কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা। অংশীদাৰী কৰ্মত মিশ্রিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্রমণত অৰ্থহানিৰ যোগ। শুভৰং হালধীয়া। শুভ সংখ্যা ২।

সিংহ: ব্যৱসায়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতৰ্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্রে ভ্রমণ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

কন্যা: খৰচৰ ক্ষেত্ৰত সতর্ক থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। মাতা-পিতাৰ স্বাস্থ্য ভাল নাযাব। প্রেমত নতুন সমস্যা দেখা দিব পাৰে। শুভৰং বগা। শুভ সংখ্যা ৮।

তুলা: উচ্চ-শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ। দেহ কষ্টৰ উপশম পাব। প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

বৃশ্চিক: নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে। আর্থিক দিশত শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

ধনু: পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে। ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈত্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।

মকৰ : ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্রেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ। শুভ ৰং ক্রীম। শুভসংখ্যা ৫।

কুম্ভ: পুৱাৰ ভাগত অনুকূল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব। আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত। শুভৰং বেঙুনীয়া। শুভ সংখ্যা ২।

মীন: মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক। শৰীৰ সম্পর্কীয় কথাত সাৱধান হোৱা উচিত। শিল্প-সংস্কৃতিত সুনাম। শুভ ৰং সোণালী। শুভ সংখ্যা ৯।

Exit mobile version