Aircraft crashed: ✒️বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ বিমান দুৰ্ঘটনা ! মহাবিদ্যালয়ৰ ওপৰত ভাঙি পৰিল বাংলাদেশৰ এখন বায়ুসেনাৰ বিমান। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কিছু সময়ৰ পাছতেই তাত অগ্নিকাণ্ড সংঘটিত হয়।
ঘটনাটোত এজন লোকৰ মৃত্যু হয়। পাছত চিকিৎসালয়তো আন এজন ব্যক্তিৰ মৃত্যু হয়। এতিয়ালৈকে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। অগ্নি দগ্ধ হোৱাৰ ফলত কমেও ২৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আহতসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় এক বাজি ছয় বজাত বাংলাদেশৰ বিমানখন উৰা মাৰিছিল । উৰণৰ কিছু সময়ৰ পাছতে ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজত বিমংখনে খুন্দা মাৰে।
দুৰ্ঘটনাটোত কিমানজন লোক আহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি প্ৰশাসনে জানিবলৈ দিয়ে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই ঘটনাটোত শোক প্ৰকাশ কৰে। মঙলবাৰে দেশখনত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক দিৱস।
উল্লেখ্য যে,বাংলাদেশ বায়ুসেনাই প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা এফ-৭ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে বাংলাদেশৰ বায়ুসেনাৰ বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল বা দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ পাইলটজন বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল নে নাই সেই সন্দৰ্ভত কোনো সবিশেষ দিয়া নাই।






























