দিনটোৰ ৰাশিফল

horoscope week of may 19 2025

Horoscope ✒️মেষ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। অচিনাকি ব্যক্তিৰ লগত মিলামিচা কৰিলে ক্ষতিৰ আশংকা। খং দমাই ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব। হাতলৈ টকা-পইচা আহিব। প্ৰতিকাৰ- বেল গছৰ তলত ধূপ-চাকি জুলাই শিৱৰ ধ্যান কৰিব।

বৃষ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। মাটি-বাৰীৰ সীমাজনিত সমস্যা হ’ব পাৰে। আজি যুটীয়া ব্যৱসায় আৰম্ভ নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। প্ৰতিকাৰ- শিৱৰ লিংগত পূজা-অৰ্চনা কৰি শিৱৰ ধ্যান কৰিব।

মিথুন: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮। দুর্ঘটনাৰ সম্ভাৱনা আছে। টকা-পইচা লেন-দেন কৰোতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে। প্ৰতিকাৰ- ভিক্ষাৰী জলপান কৰাই বগা বস্তু দান কৰিব।

কর্কট: শুভ ৰং নীলা। শুভ সংখ্যা ৬। চাকৰি কৰা জাতকে ধৈৰ্যৰে সকলো কাম কৰিব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো ভাল কাম আজি আৰম্ভ হ’ব। ঋণ মুক্ত হ’ব পাৰে। প্ৰতিকাৰ-সূৰুযমুখী ফুল ঘৰত ৰুই তাৰ গুৰিত পানী ঢালি সূৰ্যলৈ চাই প্রণাম কৰিব।

সিংহ: শুভ ৰং হালধীয়া। শুভ সংখ্যা-৫। ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। পুত্ৰৰ ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে। প্ৰতিকাৰ ঘৰৰ পৰা ওলাওঁতে সূর্যক প্রণাক কৰি ওলাব।

কন্যা: শুভ ৰং ৰঙা। শুভ সংখ্যা ৪। ব্যৱসায়ীসকলৰ ধনাগমনৰ যোগ। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়। টকা-পইচা সংক্রান্তীয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ- লক্ষ্মী নাৰায়ণৰ ধ্যান কৰিব।

তুলা: শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯। অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে। সন্তানৰ ভুলে অর্থ হানি কৰিব। কর্ম সংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব। প্রতিকাৰ-ভিক্ষাৰীক খোৱা বস্তু দান কৰিব।

বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহাত উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলাফুৰা কৰিব। আঘাত পোৱাৰ সম্ভাৱনা। প্ৰতিকাৰ-কুমাৰী ছোৱালীক কিবা দান কৰিব পাৰে।

ধনুঃ শুভ ৰং নীলা। শুভ সংখ্যা ৫। বিবাহ সংক্রান্তীয় আলোচনাৰ সুফল পাব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিছলি পৰি হাত-ভৰিত আঘাত পাব পাৰে। প্ৰতিকাৰ-শিৱ মন্দিৰত ধূপ-চাকি জুলাই শিৱক ধ্যান কৰিব।

মকৰ: শুভ ৰং ৰঙা। শুভ সংখ্যা ৩। কৰিম বুলি ভবা কাম আৰম্ভ কৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু বিচ্ছেদৰ সম্ভাৱনা আছে। ভাল কাম কৰি থোৱাৰ ফল লাভ কৰিব। প্ৰতিকাৰ- হনুমানৰ প্ৰতিচ্ছবি মনলৈ আনি তেওঁৰ ধ্যান কৰিব।

কুম্ভ: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮। কোনো নতুন কামত হাত নিদিব। পুৰণা ৰোগত ভোগাসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-ভিক্ষাৰীক মিঠা ফল দান কৰিব।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ৪। ব্যৱসায়ীৰ অৰ্থ লাভৰ যোগ। সন্তানৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ। প্ৰতিকাৰ- গা ধুই সূর্য প্রণাম কৰি জল অর্পণ কৰিব।

Exit mobile version