BTC:✒️বিটিচি নিৰ্বাচনক লক্ষ্য কৰি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে খচৰা ভোটাৰ তালিকা। চিৰাঙৰ ৭সাতটা পৰিষদীয় সমষ্টি মিলি মুঠ ভোটাৰ ৩৯৮৯৩৭ ইয়াৰে পুৰুষ ১৯৮৫১৫ আৰু মহিলা ২০০৪২০ । চিৰাঙত মহিলা ভোটাৰ বাঢ়িল ১৯০৫ গৰাকি ।
চিৰাং জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে চিৰাঙৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে জিলা আয়ুক্ত তথা জিলা মুখ্য নিৰ্বাচনী বিষয়া যতীন বৰাই।
চিৰাং জিলাত সাতটাকৈ বিটিচি পৰিষদীয় সমষ্টি আছে যথাক্ৰমে ১৩ নং চিৰাং(জ) , ১৪ নং চিৰাং দুৱাৰ(জ),১৫ নং কাজলগাঁও(জ),১৬ নং নিচিমা(জ), ১৭ নং সুবাইঝাৰ(জ),১৮ নং মানাহ সেৰফাং(জ) আৰু ১৯ নং থুৰিবাৰী (মুকলি) পৰিষদীয় সমষ্ঠি।
ইয়াৰে আজি প্ৰকাশ কৰা মতে ১৩ নং চিৰাং পৰিষদীয় সমষ্ঠিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮৭ টা, মুঠ ভোটাৰ ৬৪৯১১ তাৰে পুৰুষ ৩১৮৮৪ আৰু মহিলা ৩৩০২৭ । ১৪ নং চিৰাং দুৱাৰ সমষ্ঠিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬৯ টা,মুঠ ভোটাৰ ৫৩১৭৭ তাৰে পুৰুষ ২৬৬৪৯ আৰু মহিলা ২৬৫২৬,তৃতিয় লিংগ দুটা, ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টীৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৭২ টা, মুঠ ভোটাৰ ৬১৯০৪ তাৰে পুৰুষ ৩০৩৭৪ আৰু মহিলা ৩১৫৩০, ১৬ নং নিচিমা পৰিষদীয় সমষ্ঠিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫১ টা, মুঠ ভোটাৰ ৪৬৪৭৬ তাৰে পুৰুষ ২৩২৪২ আৰু মহিলা ২৩২৩৪ , ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্ঠিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬২ টা ।
মুঠ ভোটাৰ ৫৭৬৭১ তাৰে পুৰুষ ২৮৭২০ আৰু মহিলা ২৮৯৫১ , ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্ঠীৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫৪ টা, মুঠ ভোটাৰ ৫৫৩৯৭ তাৰে পুৰুষ ২৮১০১ আৰু মহিলা ২৭২৯৬ ।
১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্ঠিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬১ টা মুঠ ভোটাৰ ৫৯৪০১ তাৰে পুৰুষ ২৯৫৪৫ আৰু মহিলা ২৯৮৫৬ । চিৰাং জিলাৰ সাত টা পৰিষদীয় সমষ্ঠি মিলি মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৫৬ মুঠ ভোটাৰ ৩৯৮৯৩৭ ইয়াৰে পুৰুষ ১৯৮৫১৫ আৰু মহিলা ২০০৪২০ ।
চিৰাঙত মহিলা ভোটাৰ বাঢ়িল ১৯০৫ গৰাকি । আজিৰে পৰা অহা ৫ আগষ্টলৈ ওজৰ আপত্তি কৰিব পাৰিব ১৩ আগষ্ট চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব,১৮ আগষ্টত চুড়ান্ত ভোটগ্ৰহণ কেন্দ্ৰৰ তালিকা প্ৰকাশ পাব বুলি জনায় জিলা নিৰ্বাচনী বিষয়া জনে । অনলাইন খচৰা।
ভোটাৰ তালিকা চোৱা আৰু ওজৰ আপত্তিৰ বাবে https://ermssec.assam.gov.in/ ত পাব বুলিও জনায় সংবাদ মেলত । সংবাদ মেলত অতিৰিক্ত আয়ুক্ত সকল,আয়ুক্ত সকল, নিৰ্বাচনী বিষয়া সকল উপস্থিত থাকে ।






























