Plane crash:✒️ বাংলাদেশৰ ৰাজধানী ঢাকাত কালি দুপৰীয়া এখন শিক্ষানুষ্ঠানৰ ওপৰত বায়ুসেনাৰ যুজাৰু বিমান এখন ভাগি পৰাত প্রাণ হেৰুবায় ১৬ শিক্ষার্থীসহ কমেও ১৯জন লোকে।
নিহতসকলৰ ভিতৰত দুগৰাকী শিক্ষকৰ উপৰি বিমানখনৰ পাইলটজনো আছিল। অগ্নিদগ্ধ হোৱাৰ ফলত আহত হোৱা ছাত্র-ছাত্রীকে ধৰি কমেও ১৬৪ গৰাকী চিকিৎসাধীন হৈ আছে।
বিমানখন ভাঙি পৰাত ইয়াত জুই জ্বলি উঠে আৰু বিদ্যালয়ৰ ভৱন অগ্নিদগ্ধ হৈ এই শোকাবহ ঘটনা সংঘটিত হয়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি দিনৰ ১-০৬ বজাত বিমানখনে উৰা মাৰিছিল।
তাৰ পাছতে বিমানখন ভাঙি পৰে ঢাকাৰ উত্তৰাৰ মাইলষ্ট’ন স্কুল এণ্ড কলেজৰ ওপৰত। এই ঘটনাত কে’বাগৰাকী শিক্ষার্থী সন্ধানহীন হৈছে। কাইলৈ বাংলাদেশত দিনজোৰা ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
পাঠদান চলি থাকোতে ভাঙি পৰিল বিমান: ধ্বংসস্তূপৰ তলত বহুজন
তেতিয়াও বিদ্যালয়ৰ পাঠদানৰ অন্ত পৰা নাছিল। কিছুমান শ্রেণীকোঠাত শেষৰ পিৰিয়ডৰ পাঠদান চলি থাকোতেই প্রথমতে এক বিকট শব্দৰ সৃষ্টি হয় আৰু তাৰ পাছতে হুৰমূৰকৈ ভাঙি পৰে বিদ্যালয়ৰ একাংশ।
প্রাথমিক অৱস্থাত বহুতেই বুজি পোৱা নাছিল যে কি হৈছে। ঘটনাস্থলীলৈ দৌৰি যোৱা বিদ্যালয়ৰ শিক্ষার্থী সমন্বিতে ছাত্র-ছাত্রীয়ে দেখে যে বিদ্যালয় ভৱনৰ এটা অংশৰ ওপৰত বায়ুসেনাৰ বিমান ভাঙি পৰাত অগ্নিৰ লেলিহান শিখাই ভৱনটোৰ সেই অংশটো গ্রাস কৰে।
ঘটনাস্থলীতে দগ্ধ হৈ এজনৰ মৃত্যু হয়। পাছত হাস্পতালত চিকিৎসাধীন হৈ বহুতে প্রাণ হেৰুৱায়। প্রাথমিক প্রতিবেদন অনুসৰি, ১৯গৰাকীয়ে প্রাণ হেৰুৱাইছে। মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে।
অগ্নিদগ্ধ হৈ হাস্পতালত চিকিৎসাধীন হৈছে কমেও ১৬৪ গৰাকী। ইয়াৰে অধিকাংশই শিক্ষার্থী। বাংলাদেশৰ সময় অনুসৰি, দিনৰ ১-০৬ বজাত উৰা মৰাৰ পাছতেই ঢাকাৰ উত্তৰাৰ মাইলষ্ট’ন স্কুল এণ্ড কলেজৰ ওপৰত ভাঙি পৰে বিমানখন। এই শিক্ষানুষ্ঠানৰ যিটো ভৱনত বিমানখন ভাঙি পৰে তাত আছিল ১৬টা শ্রেণীকোঠা আৰু চাৰিটা শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি ঘৰ।
প্ৰাথমিক শ্রেণীৰ পৰা পঞ্চম শ্রেণী পর্যন্ত এই ভৱনটোত পাঠদানৰ ব্যৱস্থা আছিল।মৃতসকলৰ ভিতৰত এটি ষষ্ঠ শ্রেণীৰ শিক্ষার্থীক চিনাক্ত কৰা হৈছে আৰু দুজন শিক্ষককো চিনাক্ত কৰা হৈছে। চিকিৎসাধীন হৈ থকাসকলৰ ভিতৰত কমেও ১০জনৰ অৱস্থা অতি গুৰুতৰ বুলি ৰাষ্ট্ৰখনৰ নেচনেল ইনষ্টিটিউট অব বার্ণ এণ্ড প্লাষ্টিক ছাৰ্জাৰীৰ চিকিৎসকে সদৰী কৰে।
বিমানখনৰ পাইলটজনৰো মৃত্যু হোৱা বুলি বাংলাদেশৰ সেনাই সদৰী কৰে। ঢাকাৰ অন্তৱৰ্তী চৰকাৰৰ বিবৃতিত প্রকাশ এইদৰে- ‘ঢাকাৰ বিভিন্ন হাস্পতালত কমেও ৮৩জন লোক চিকিৎসাধীন হৈ আছে। কে’বাজনো গুৰুতৰভাৱে আহত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। নিহতসকলৰ ভিতৰত ১৬গৰাকী শিক্ষার্থী, দুগৰাকী শিক্ষক আৰু আনজন হৈছে বিমানৰ পাইলট।’
বাংলাদেশৰ অন্তৰ্বর্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে সামাজিক মাধ্যমত শোকবার্তা প্ৰেৰণ কৰে। এই ঘটনাত তেওঁ গভীৰভাবে ব্যথিত আৰু শোকাহত হৈছে বুলি কয়।
তেওঁ কয়, ‘বায়ুসেনাবাহিনী, শিক্ষার্থীসকল, পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্রী আৰু মাইলস্ট’ন স্কুল এণ্ড কলেজৰ ক্ষতি তথা এই দুর্ঘটনাত ক্ষতিগ্রস্ত হোৱা অন্যান্যসকলৰ ক্ষয়-ক্ষতি অপূৰণীয়। এয়া ৰাষ্ট্ৰৰ বাবে এক গভীৰ শোকৰ সময়।’
বায়ুসেনাই জনোৱা মতে, প্রশিক্ষণৰ কামত এই বিমানখন ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে কিদৰে এইখন ভাঙি পৰিল সেই বিষয়ে বিতং তথ্য সদৰী কৰা নাই ৰাষ্ট্ৰখনৰ বায়ুসেনাই। ইপিনে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে বাংলাদেশ ব’ৰ্ডাৰ গার্ড (বিজিবি) নিয়োগ কৰা হৈছে। প্রশিক্ষণৰ বাবে ব্যৱহাৰ কৰা বিমানখন কিদৰে ভাঙি পৰিল তাকে লৈ বিভিন্ন চর্চা আৰম্ভ হৈছে। ইপিনে, আইন-শৃংখলাৰ যাতে অৱনমিত নঘটে, তাৰ বাবে বিজিবিক নিয়োগ কৰা বুলি সদৰী কৰে অন্তর্বর্তী প্রশাসনে।
অগ্নিনির্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, আহতসকলক হেলিকপ্টাৰৰে সামৰিক হাস্পতাললৈ প্রাথমিক অৱস্থাত নিয়া হয় আৰু বাকীসকলক এম্বুলেন্সৰে হাস্পতাললৈ লৈ যোৱা হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে, কে’বাজনো শিক্ষার্থীক সেনা জোৱানে কোলাত দাঙি বিভিন্ন বাহনত হাস্পতাললৈ লৈ যায়।
এক হাহাকাৰ পৰিস্থিতি
আতংকগ্রস্ত শিক্ষার্থী, অসহায় অভিভাৱক আৰু শিক্ষকসকলে ইফালে-সিফালে দৌৰা-ঢপৰা কৰি ফুৰাৰ এক ভিডিঅ’ই বিভিন্নজনৰ হৃদয় কঁপাই তুলিছে। চৌদিশে কেৱল আর্তনাদ, কান্দোন আৰু অগ্নিৰ লেলিহান লেলিহান শিখা। ধ্বংসস্তূপৰ দিশে জীবিতজনৰ সন্ধান বিচাৰি দৌৰিছে আৰক্ষী, পিতৃ-মাতৃ, অভিভাৱক আৰু বহুজন।
এটি শিক্ষার্থীৰ শৰীৰ তেজৰ ডোঙাত লেটি লৈ থকাৰ দৃশ্য সম্বলিত ভিডিঅ’ প্রকাশিত হৈছে। আজিৰ দিনটোত সমগ্র বিশ্বকে বোধহয় কঁপাই তোলা বাংলাদেশৰ বিমান দুর্ঘটনাৰ এনে বহু অসহনীয় শোকৰ দৃশ্য সম্বলিত ভিডিঅ’ই আজি পুনৰ মনত পেলাই দিলে দিল্লীৰ পৰা লণ্ডনলৈ উৰাৰ কিছু মুহূৰ্তৰ পাছতে আহমেদাবাদত ভাঙি পৰা ভয়াৱহ বিমান দুর্ঘটনালৈ।
তথ্য অনুসৰি, তৃতীয় আৰু চতুর্থ শ্ৰেণীকোঠাৰ সন্মুখৰে বিমানখন ভিতৰলৈ সোমাই আহে। সেই সময়ত এই দুই শ্রেণীকোঠাতেই পাঠদান চলি আছিল আৰু সেয়েহে প্রায় সকলো ছাত্র-ছাত্ৰীয়ে কোঠাৰ ভিতৰতে আছিল।
কিছু ক্ষণৰ পাছতে শ্ৰেণীকোঠাৰ পাঠদানৰ অন্ত পৰাৰ কথা আছিল। ছাত্র-ছাত্রীসকলৰ আজিৰ এই পাঠদানৰ অন্ত যে ইমান ভয়াবহ আৰু শোকাৱহ হ’ব, সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল।
দুৰ্ঘটনাৰ বাতৰি বিয়পাৰ লগে লগে বিদ্যালয়ৰ সন্মুখত অভিভাৱকৰ ভিৰ বাঢ়িব ধৰে। সকলোৰে চকু-মুখত উৎকণ্ঠাৰ চাপ আৰু দিশহাৰা পৰিস্থিতিত কি কৰিব বুজি পোৱা নাছিল তেওঁলোকে। ধ্বংসস্তূপৰ তলৰ পৰা সন্তানৰ উদ্ধাৰৰ জীৱন-মৰণ যুঁজ দিছিল অভিভাৱকসকলে। অৱশ্যে উদ্ধাৰ কাৰ্যত নিয়োজিত বাহিনীয়ে ধ্বংসস্তূপৰ ওচৰলৈ কোনো লোককে যাবলৈ বাধা দিছিল।
বহুসংখ্যক অভিভাৱকে দাবী কৰা অনুসৰি, তেওঁলোকৰ সন্তান সন্ধানহীন হৈছে। ঘটনাস্থলীত এনে এজন অভিভাৱকে সংবাদ মাধ্যমক কয় যে তেওঁৰ দুই সন্তানেই বিদ্যালয়খনত অধ্যয়ন কৰে। ইয়াৰে এটি ধ্বংসস্তূপৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ কনিষ্ঠ পুত্র এতিয়াও নিখোঁজ হৈ আছে। ফিৰদৌছি বেগম নামৰ আন এজন অভিভাৱকে ঘটনাস্থলীত কন্যা সন্তানৰ সন্ধানত হাহাকাৰ কৰি থকাৰ ভিডিঅ’ত দেখা গৈছে যে হাতত থকা ম’বাইলত কন্যাগৰাকীৰ ফটো সকলোকে দেখুৱাইছে আৰু কান্দি কান্দি বিচাৰি ফুৰিছে নিজ কন্যাক।
আপোনজনক হেৰুওৱাৰ কান্দোনত সমগ্ৰ পৰিৱেশেই এক অসহনীয় ৰূপ লয়।
সৌভাগ্যক্রমে বিমান দুর্ঘটনাস্থলীত উপস্থিত নাছিল ৰাফিকা তাহা নামৰ ১৬ বছৰীয়া ছাত্ৰীগৰাকী। তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, বিদ্যালয়খনত কমেও দুহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। প্রাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ শিক্ষাদান কৰা হয় এই মাইলস্ট’ন স্কুল এণ্ড কলেজত।
টেলিভিছনত ভিডিঅ’ প্রত্যক্ষ কৰি ছাত্ৰীগৰাকীয়ে অতি আতংকিত হৈ পৰে বুলি উল্লেখ কৰি কয়, ‘মই টিভিত ভিডিঅ’বোৰ চাই অতি আতংকিত হৈছো। হে ভগবান, এইখন মোৰ বিদ্যালয়। ‘দুর্ঘটনাস্থলীৰ বিভিন্ন ভিডিঅ’ অনলাইনযোগে প্রচাৰিত হৈছে। এনে এক গাৰ নোম শিয়ৰি উঠা ভিডিঅ’ত দেখা গৈছে যে বিমানৰ ভাঙি পৰা ইঞ্জিন সোমাই আছে এটা ধ্বংসস্তূপৰ মাজত, য’ত আছিল এটা শ্রেণীকোঠা।
ভাগি পৰা বিমানখন আছিল চীনা বিমান
বিদ্যালয়ৰ ওপৰত ভাগি পৰা বিমানখন আছিল এখন চীনা বিমান। বাংলাদেশ বায়ুসেনাবাহিনীৰ এফ-৭ বিজিআই বিমানখন হৈছে চীনৰ জে-৭ যুঁজাৰু বিমানৰ অত্যাধুনিক রূপ। এই বিমানখনে দিনৰ ১-০৬ বজাত উৰা মৰাৰ পাছতে ভাঙি পৰে। বাংলাদেশৰ সেনাই জনোৱা মতে, চীনত নির্মিত যুঁজাৰু বিমানখনে বিকট এক শব্দ কৰি ভাগি পৰাৰ লগে লগে ইয়াত জুই জ্বলি উঠে।






























