Air India:✒️আতংকই পিছ এৰা নাই এয়াৰ ইণ্ডিয়াৰ। এইবাৰ কোনো বৃহৎ বিপদ ঘটাৰ পূৰ্বেই পাইলটৰ তৎপৰতাত শেষ মুহূৰ্তত ৰক্ষা পৰিল দিল্লীৰ পৰা কলকাতা অভিমুখী এয়াৰ ইণ্ডিয়াৰ AI 2403
টেক অফৰ বাবে ৰাণৱেৰ কাষেৰে চলি থকা বিমানখন শেষ মুহূৰ্তত ব্ৰেক লগাই ৰখাই দিয়ে পাইলটে।এই ঘটনাই স্বাভাৱিকতে যাত্ৰীসকলক আতংকিত কৰি তুলিছিল।
স্বাভাৱিকতে এই ঘটনাত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।তথ্য অনুসৰি,সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এ আই ২৪০৩ বিমানখনে ১৬০ জন যাত্ৰী লৈ কলকাতা অভিমুখে ৰাওনা হৈছিল।
ৰাণৱেৰ পৰা গতিবেগ বৃদ্ধি কৰাৰ পাছতে হঠাতে বিমানখনত যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। এনে পৰিস্থিতিত পাইলটসকলে খৰখেদাকৈ সিদ্ধান্ত ল’লে। একেবাৰে শেষ মুহূৰ্তত ব্ৰেক লগাই বিমানখন ৰখাই দিয়া হয়।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, বিমানখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰা হৈছে।
উল্লেখ্য যে,সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত আজি সন্ধিয়া বিমানখন গন্তব্যস্থানলৈ যাত্ৰা কৰিব । এয়াৰ ইণ্ডিয়াই জনোৱা মতে, জৰুৰীকালীন অৱতৰণৰ পাছত সকলো যাত্ৰীক নিৰাপদে বিমানৰ পৰা নমাই অনা হৈছে।






























