Cyber fraud:✒️দেশত ভয়াবহভাবে বৃদ্ধি পাইছে ডিজিটেল বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনা। ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ সকলো বিত্তীয় প্রতিষ্ঠানব গ্রাহকক ডিজিটেল বেংকিং ব্যৱস্থাৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে জালত পেলাই নিমিষতে একাউন্ট উদং কৰি পেলাইছে।
লোকসভাত বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধুৰীয়ে দেশত চাইবাৰ প্ৰৱঞ্চনা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনাৰ তথ্য দাঙি ধৰি কয় যে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈ অর্থাৎ যোৱা পাঁচ বছৰত দেশত ৬,৫৪,৯২৫ টা এনে ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিপৰীতে চাইবাৰ অপৰাধী চক্রই ৫৭৯.৫৮ কোটি টকা লুট কৰি নিছে।
অৱশ্যে ইয়াৰ ভিতৰত ২১২.৮৭ কোটি টকা সংশ্লিষ্ট তদন্তকাৰী সংস্থাই চাইবাৰ অপৰাধীৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি কয়। উল্লেখ্য যে বিগত পাঁচ বছৰত অসমত ২,৩০৫টা এনে চাইবাৰ প্ৰৱঞ্চনা ঘটনা সংঘটিত হৈছে।
এই ঘটনাসমূহৰ জৰিয়তে অপৰাধী চক্রই তিনি কোটি ৭৭ লাখ টকা লুট কৰি নিছে। অবশ্যে ইয়াৰে ২৮ লাখ টকা উদ্ধাৰ হৈছে। কেন্দ্রীয় ৰাজ্যিক মন্ত্রীজনে সদৰী কৰা তথ্য অনুসৰি, ২০২৩-২৪ত অসমত সংঘটিত ১,১৪০টা ঘটনাৰ বিপৰীতে অপৰাধী চক্রই ৭৪ লাখ টকা লুট কৰি নিছে।
উল্লিখিত পাঁচ বছৰৰ ভিতৰত অসমত ২০২০-২১ত ৩৭৭টা ঘটনাত সর্বাধিক এক কোটি ৬৮ লাখ টকা অপৰাধী চক্রই লুট কৰি নিছে। ইফালে, ৰাষ্ট্ৰীয় প্রেক্ষাপটত তথা দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলতে ডিজিটেল বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হোৱাৰ তথ্য প্রকাশ কৰিছে বিত্তীয় মন্ত্রণালয়ে।
তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বর্ষত দেশত ৭৩,৯৮৮ টা ডিজিটেল বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে, য’ত চাইবাৰ অপৰাধী চক্রই ৮৭.১৭ কোটি টকা লুট কৰি নিছে। একেদৰে ২০২১-২২ত ৬৫,৮৯১টা ঘটনাত ১১৫.৩৫ কোটি, ২০২২-২৩ত ৭৫,৮২০টা ঘটনাত ৮৫.২৮ কোটি, ২০২৩-২৪৩ ২,৯৩,৪৮৮টা ঘটনাত ১৮৯.৯৬ কোটি আৰু ২০২৪-২৫ বিত্তীয় বর্ষত ১,৪৫,৭৩৮টা ঘটনাত চাইবাৰ অপৰাধী চক্রই ১০১.৮২ কোটি টকা লুট কৰিছে।
উল্লেখ্য যে বেংক হিচাপে শেহতীয়া ২০২৪-২৫ত সর্বাধিক এইছডিএফচি বেংকৰ অধীনত ৩৫,০৭৪টা এনে ঘটনা সংঘটিত হৈছে।






























