Abhayapuri:✒️পকী দেৱালৰ স’তে কে’বা বিঘা ভূমিৰ মাজত আটোমটোকাৰিকৈ সজা এটা প্রকাণ্ড বাসগৃহ। বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থকাৰ বাবে সমগ্ৰ চৌহদটো অপতৃণে ছানি ধৰাত জয়াল হাবিলৈ পর্যবসিত হৈছে বাসগৃহৰ লগতে বৃহৎ চৌহদটো।
তদাৰকৰ অভাৱত জহি-খহি যাবলৈ লৈছে বাসগৃহৰ লগতে গৃহবোৰো। ঘৰৰ ভিতৰত আৱৰ্জনাৰ দ’ম। তাৰ মাজতে আউল-বাউল চুলি, শীর্ণকায় দেহেৰে বছৰৰ পাছত বছৰ ধৰি গা নোধোৱাৰ বাবে অবর্ণনীয় হৈ পৰা নাঙঠপ্রায় এজন যুৱক। ভিতৰত লণ্ডভণ্ড হৈ সিচৰতি হৈ পৰি থকা বহু মূল্যবান সা-সঁজুলিৰ পৰা অনুমান কৰিব পাৰি যে পৰিয়ালটোৰ একালৰ আঢ্যৱন্তৰ কথা।
এনে এক পৰিৱেশতে আজি কে’বাবছৰ ধৰি ঘৰৰ ভিতৰতে আছে যুৱকজন। মানুহ দেখিলে বাৰাণ্ডাৰ গ্ৰীলৰ ফাঁকেৰে উদবাউল হৈ খাদ্য বিচাৰে। চুবুৰীয়াই সময়ে সময়ে দিয়া খাদ্য খাইহে কোনো মতে জীৱন ধাৰণ কৰি আছে যুৱকজন। চুবুৰীয়াই জানিবলৈ দিয়া মতে, ৰোগাক্রান্তও হৈ পৰিছে যুৱকজন। বিদ্যুৎ বিচ্ছিন্ন গৃহটোতে যেন যুৱকজনে কটাইছে স্ব-ইচ্ছা বন্দিত্বৰ জীৱন।
কিছুদিন আগলৈকে সবল যুৱকজন পঢ়া-শুনাতো আছিল মেধাসম্পন্ন। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল। একালৰ বৃন্দাবন-একালত পৰে ছন। তেনে এক দৃষ্টান্তই সাঙোৰ খাইছে যুৱকজনৰ ঘৰখনৰ স’তে। অঞ্চলটোৰে ভিতৰত আঢ্যৱন্ত পৰিয়াল হিচাপে পৰিচিত হোৱাৰ পাছতো অদৃষ্টৰ বাবে থানবান হৈ পৰে পৰিয়ালটো।
ঘটনাটো বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰৰ গাতে লাগি থকা বোৱালীমাৰী গাঁৱৰ লক্ষ্মী মন্দিৰৰ কাষৰ। তথ্য মতে, তিনিজন ভাই-ককাই ক্রমে অজয় দাস, সঞ্জয় দাস আৰু বিজয় দাসসহ মাক অঞ্জনা দাসৰ লগতে পিতৃ ললিত দাসৰ এখন সুখৰ সংসাৰ আছিল।
পিতৃ ললিত দাস আৰক্ষী বিভাগৰ এজন উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মৰত থকাত তিনি ভাই-ককাইৰ শৈক্ষিক জীৱনত পোৱা নাছিল কোনো আর্থিক দৈন্য। প্রকাণ্ড চৌহদৰ মাজত আটোমটোকাৰিকৈ সজা বাসগৃহ, মন্দিৰকে ধৰি চৌহদটো হৈ পৰিছিল বহুতৰ বাবে আকর্ষণীয়।
কিন্তু সময়ৰ সোঁতত ঠন ধৰি উঠা পৰিয়ালটোৰ লাহে লাহে অবনতি ঘটিবলৈ ধৰে। মাক অঞ্জনা দাসৰ মৃত্যুৰ পাছত ডাঙৰ পুত্ৰ অজয় দাস কর্মসূত্রে মুম্বাইলৈ যোৱাৰ পাছত উভতি নাহিল ঘৰলৈ। আন এজন পুত্র সঞ্জয় দাস ভাৰতীয় নৌ বাহিনীত কৰ্মৰত হৈ থকা সময়তে ছুটী লৈ ঘৰত থকা সময়তে পথ দুর্ঘটনাত পতিত হৈ মৃত্যু হয়। তাৰ পাছতে বিয়োগ ঘটে পিতৃ ললিত দাসৰো।
এনে অৱস্থাত নিঠৰুৱা হৈ পৰে কনিষ্ঠ পুত্র বিজয় দাস। তাৰ পাছতে আৰম্ভ হয় বিজয়ৰ এক পংকিলময় যাত্ৰা আৰু এনেদৰে যুৱকজন হৈ পৰিল নিঠৰুৱা। বিশেষ সূত্রে জানিব পৰা মতে, পৰিয়ালটোৰ এনে দুৰৱস্থাৰ সুযোগ গ্রহণ কৰি একাংশ লোকে কৌশলৰে সমস্ত ভূমি হস্তগত কৰাৰ পাং পাতিছে।
এই ক্ষেত্রত প্রশাসন তথা সু-হৃদয়বান লোকক বিষয়টোত হস্তক্ষেপ কৰি যুৱকজনক সুস্থ কৰাৰ আহ্বান জনাইছে সচেতন লোকে।






























