Dispur:
অসম চৰকাৰে ৰাজ্যৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নীতি কাৰ্যকৰী কৰাৰ পৰা ২১ জন লোকৰ সন্ধান অদ্যাপি ওলোৱা নাই। এইসকল ভাৰতীয় নাগৰিক বুলি দাবী কবি এবিএমছু নামৰ সংগঠনটোৱে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ অনুষ্ঠিত শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৮ জুলাইৰ ভিতৰত এই সন্দর্ভত বিতং তথ্য শপতনামা আকাৰে দাখিল কৰিবলৈ অসম চৰকাৰক নির্দেশ দিয়ে।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ খণ্ড বিচাৰপীঠত শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে চৰকাৰে শপতনামা আকাৰে সকলো কথা দাখিল কৰিব; কিন্তু সন্ধানহীন লোকৰ যিখন তালিকা ন্যায়ালয়ত দাখিল কৰা হৈছে, সেইখন শুদ্ধ নহয়।
উল্লেখ্য যে অসম চৰকাৰে ‘পুছ বেক’ নীতিৰে বৃহৎ সংখ্যক লোকক বাংলাদেশলৈ বিতাড়ন কৰে। বিদেশী ন্যায়াধিকৰণ, ন্যায়ালয়ে অনুপ্রৱেশকাৰী বুলি চিনাক্ত কৰা সকলকহে তেনেদৰে বিতাড়ন কৰা হৈছে বুলি যুক্তি দর্শায়। লক্ষ্যণীয়ভারে তাৰে কিছু সংখ্যকক চৰকাৰে ঘূৰাই ল’বলৈয়ো বাধ্য হয়। কাৰণ তাৰে কে’বাজনো লোকৰ হাতত ভাৰতৰ নাগৰিকৰ নথিপত্ৰ আছিল।
গতিকে বাংলাদেশৰ সীমান্ত বাহিনীয়ে তেওঁলোকক ভাৰতলৈ ওভতাই পঠিয়ায়। কে’বাজনো লোকৰ ন্যায়ালয়তো বিচাৰ চলি আছে। এনে ভুলৰ বাবে মুখ্যমন্ত্ৰীয়ে একাংশ জিলাৰ আৰক্ষী অধীক্ষকক জগৰীয়া কৰে।
বাকী লোকসকল বাংলাদেশৰ নাগৰিক হোৱাত তেওঁলোক উভতি অহাৰ প্ৰশ্ন নাই বুলি চৰকাৰে দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে একাংশ সংগঠনে উভতি নহা সকলৰ ভিতৰত কমেও ২১ জন ভাৰতীয় নাগৰিক বুলি দাবী কৰিছে। সেইসকলৰে সন্ধান বিচাৰি এবিএমছু ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
শুনানিত আবেদনকাৰী পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই কয় যে যিসকল লোক সন্ধানহীন হৈছে, তেওঁলোক বিদেশী বুলি প্রমাণিত হোৱা নাই। তথাপি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়া হয় আৰু এতিয়া তেওঁলোকৰ কোনো সন্ধান নাই। বিতাড়নৰ পূৰ্বে তেওঁলোকক কোনো জাননী অথবা চমন দিয়া হোৱা নাছিল।
তেওঁলোকক ঘৰৰ পৰা লৈ অহা হয় আৰু বাংলাদেশলৈ পঠিয়াই দিয়া হয়। অসম চৰকাৰৰ পৰা মহাধিবক্তাই জনায় যে অনুপ্রবেশকাৰী ৰখাৰ অসম চৰকাৰৰ নিৰ্দিষ্ট ব্যৱস্থা আছে। যদি কোনো ব্যক্তি আবেদনকাৰী পক্ষই দাবী কৰাৰ দৰে সন্ধানহীন হৈ আছে, তেন্তে সেই তথ্য তেনে ব্যৱস্থা পৰীক্ষা কৰিলে পোৱা যাব। বিশেষকৈ বন্দী শিবিৰৰ তথ্য পৰীক্ষা কৰিলেই ওলাই পৰিব।
মাটিয়াতে একমাত্র এই শিবিৰটো আছে; কিন্তু সেই শিবিৰৰ তথ্য মতে, কোনো লোক সন্ধানহীন হৈ থকা নাই। তথাপি ন্যায়ালয়ে বিচৰা মতে অসম চৰকাৰে শপতনামা দাখিল কৰিব। আবেদনকাৰী পক্ষৰ অধিবক্তা আব্দুৰ ৰেজ্জাক ভূঞাই কয় যে ই কেবল আইনী বিষয়েই নহয়, মানৱতাও ইয়াত সংজোযিত হৈ আছে। প্রতিটো জীৱনেই মূল্যৱান।






























