Scam’৬৪ কোটিৰ উৎকোচ লৈ তিনিশ কোটি টকাৰ ঋণ চন্দ্ৰা কোচৰৰ

chandera

Scam:

ভিডিঅ’কনৰ ঘোচ কেলেংকাৰিত দোষী সাব্যস্ত হ’ল আইচিআইচিআই বেংকৰ পূৰ্বৰ মুৰব্বী চন্দ্ৰা
কোচৰ। উল্লেখ্য যে কোচৰৰ বিৰুদ্ধে ভিডিঅ’কনৰ পৰা ৬৪ কোটি টকাৰ ঘোচ লৈ প্রতিষ্ঠানটোক তিনিশ কোটি টকাৰ ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

সম্প্রতি এই অভিযোগত আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক এখন ন্যায়াধিকৰণে দোষী সাব্যস্ত কৰে। উল্লেখ্য যে ২০২০ত প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ কোচৰৰ বিৰুদ্ধে উত্থাপিত এই বিয়াগোম ঘোচ কেলেংকাৰিৰ অভিযোগৰ তদন্ত আৰম্ভ কৰে। এই গোচৰত কোচৰৰ স্বামী দীপকো সাঙোৰ খাই পৰে।

তদুপৰি ভিডিঅ’কনৰ অধ্যক্ষ বেণুগোপাল ধৃতৰ বিৰুদ্ধে কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, কোচৰে বেণুগোপালক এই বিপুল অংকৰ ঋণ মুকলি কৰি দিয়াৰ বাবদ ৬৪ কোটি টকাৰ ঘোচ লয়। পাছত তেওঁ ঘোচৰ ধন স্বামীৰ দ্বাৰা নিয়ন্ত্রিত সংস্থা এনইউ পাৱাৰত বিনিয়োগ কৰে।

অৰ্থাৎ ক্ষমতাৰ অপপ্রয়োগ কৰি কোচৰে ভিডিঅ’কনক এই বিপুল অংকৰ ঋণৰ ধন মোকলাই দিয়ে। তদন্তত পোহৰলৈ অহা অনুসৰি, আইচিআইচিআই বেংকৰ পৰা এই তিনিশ কোটি টকা ঋণ লাভ কৰাৰ পাছতে ভিডিঅ’কনৰ অধীনৰ এটা প্রতিষ্ঠান এছইপিএলৰ পৰা এনই পাৱাৰলৈ ৬৪ কোটি টকা প্ৰেৰণ কৰা হয়। কাগজে-কলমে উক্ত প্রতিষ্ঠান বেণুগোপালৰ নামত থাকিলেও প্রতিষ্ঠানটো পৰিচালনা কৰিছিল কোচৰৰ স্বামী দীপকে।

Exit mobile version