Wild Elephant Dead:
দিনক দিনে হাতী- মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মাজতে তামুলপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । জিলা খনৰ ২ নম্বৰ ডোঙাৰগাঁওৰ সমীপৰ বৰনদীৰ পাৰত উদ্ধাৰ হয় এটা গুলিবৃদ্ধ মৃত হাতী ৷ হাতীটোৰ মুৰত স্পষ্ট হৈ আছিল গুলীৰ আঘাতৰ চিন ৷
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ বনৰীয়া হাতীটো কেনেকৈ গুলিবৃদ্ধ হল তাক লৈসৃষ্টি হৈছে ৰহস্যৰ ৷
উল্লেখ্য যে,বুধবাৰে পাহাৰৰ পৰা জনাঞ্চলৰ দিশে নামি অহা এটা হাতীজাকক উভতাই পঠিয়াবলৈ যোৱা বনকৰ্মীলৈ চোঁচা লৈছিল ৷ হাতীৰ আক্ৰমণ আহত হয় এজন বনকৰ্মী ৷
বৃহস্পতিবাৰে পুৱা সেইস্থানত ৰহস্যজনক ভাৱে উদ্ধাৰ হয় গুলীবৃদ্ধ হস্তীৰ মৃতদেহ ৷ ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাজৰ জ্যেষ্ঠ বিষয়া আৰু পশু চিকিৎসক আৰম্ভ কৰিছে যাবতীয় তদন্ত ৷ হাতীটোৰ মৰনোত্তৰ পৰীক্ষাহে উন্মোচিত কৰিব হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷
