Jharkhand:✒️নক্সালবাদ দমনত আন এক সফলতা। ঝাৰখণ্ডৰ গুমলা জিলাত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হয় তিনি মাওবাদী নেতা। ঘটনাস্থলীৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
তথ্য অনুসৰি,শনিবাৰে পুৱা আৰক্ষী আৰু নিৰাপত্তা বাহিনী (ঝাৰখণ্ড জাগুয়াৰ)ই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ঘঘৰা বনাঞ্চলত যৌথ অভিযান চলায়।
মাওবাদীৰ এটা দলে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছিল। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।
পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে।
দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুকৰ যুঁজৰ অন্তত অৱশেষত তিনিজন মাওবাদী নেতা নিহত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।






























