trees die : ধুমুহা-বৰষুণৰ দিনত বজ্ৰপাতত গছৰ ওপৰভাগ দাউ দাউকৈ জ্বলি উঠা দৃশ্য হয়তো বহুতেই দেখিছে। সাধাৰণভাৱে ধাৰণা কৰা হয় যে বজ্রপাতৰ ফলত মানুহ বা আন প্ৰাণীৰ মৃত্যু যিদৰে সঘনে দেখা যায়, গছৰ দুৰ্ভাগ্য হয়তো সিমান নহয়।
অথচ সম্প্রতি এক চকু থিয় কৰিব পৰা পৰিসংখ্যা প্রকাশ পাইছে। পৰিসংখ্যা অনুসৰি, বছৰি ৩২ কোটি গছৰ মৃত্যু হয় বজ্রপাতত। ‘গ্ল’বেল চেঞ্জ বায়’লজি’ জার্ণেলত প্রকাশিত এক গৱেষণাপত্ৰত এই তথ্যই জনোৱা হৈছে।
মিউনিখৰ টেকনিকেল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে জনাইছে যে প্ৰতি বছৰে এইদৰে বজ্রপাতত গছ ধ্বংস হোৱাৰ ফলত ০.৭৭ৰ পৰা ১.০৯ বিলিয়ন টন কার্বন-ডাই-অক্সাইড বেছিকৈ নিঃসৰণ হয় বতাহত। তুলনাত ক’ব পাৰি যে সমগ্ৰ বছৰত দাবানলত গছ জ্বলাৰ ফলত ১.২৬ বিলিয়ন টন কার্বন-ডাই-অক্সাইড বতাহত মিহলি হয়।
অৱশ্যে প্রসংগক্রমে ক’ব পাৰি যে বজ্রপাতৰ হিচাপত সেই গছবোৰ নাই, যিবোৰ বজ্রপাতৰ ফলত সৃষ্টি হোৱা দাবানলত ধ্বংস হয়। ইয়াক হিচাপত ৰাখিলে ক্ষতিৰ পৰিমাণ আৰু বেছি হয়।
যিহেতু পৃথিৱী ক্রমে উষ্ণৰ পৰা উষ্ণতৰ হৈ উঠিছে, সেয়ে বজ্রপাতৰ ঘটনাও অহৰহ ঘটাৰ আশংকা থাকিয়ে গৈছে। ফলত এই বিষয়টোক আৰু গুৰুত্ব সহকাৰে বিচাৰ কৰা উচিত বুলিয়ে গৱেষকৰ দলটোৱে গণ্য কৰিছে। গৱেষণাৰ পৰা জনা গৈছে যে গ্রীষ্মমণ্ডলীয় অঞ্চলত বজ্রপাতত গছৰ মৃত্যুৰ ঘটনা বেছিকৈ ঘটে।
প্ৰতি বছৰে যিমান জৈৱ ভৰ নষ্ট হয়, তাৰ ভিতৰত বজ্রপাততে নষ্ট হয় ০.২৫ অংশ। বিষয়টোৰ প্ৰতি নিবিড় দৃষ্টি ৰখাৰ কথা কৈছে বিজ্ঞানীসকলে। ভৱিষ্যতে যদি বজ্ৰপাতত গছৰ মৃত্যুসংখ্যা বৃদ্ধি পায়, তেনেহ’লে বতাহত আৰু বেছি পৰিমাণে কার্বন-ডাই-অক্সাইড মিহলি হ’ব। মানৱ সভ্যতাৰ বাবে যিটো হ’ব অতি ভয়ংকৰ ঘটনা।






























