Samaguri Incident:
মৰ্মান্তিক এক অমানৱীয় ঘটনাই জোকাৰি গ’ল চামগুৰি ৷ খুড়াকেই প্ৰাণ কাঢ়িলে কণমাণি ভতিজীৰ ৷ খুড়াকে ৭বছৰীয়া কণ্যা শিশুক কলঙত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। শিশুটি নগাঁও জিলাৰ কঠীয়াতলিৰ বৰহোলাৰ গাঁৱৰ সাতবছৰীয়া গৌৰী প্ৰিয়া দাস । মৃত গৌৰী গৰম বন্ধত চামগুৰিৰ বৰভেটিৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ।
মোমায়কৰ ঘৰত গৌৰীক দেখা পাই খুড়াক বিকাশ দাসে কোলাত তুলি কলঙৰ পাৰলৈ ফুৰাবলৈ নিম বুলি কৈ ৰহস্যজনক ভাৱে কলঙত দলিয়াই দিয়াৰ অভিযোগ উদ্থাপিত হয় ।
আনহাতে স্থানীয় লোকে কণমানি গৌৰীক কলঙত উটি যোৱা দেখি কলঙৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও ইতিমধ্যেই কৰুণ মৃত্যু হয় কণমানিজনীৰ ৷
ঘটনা সংঘটিত হোৱাৰ পিছতেই খুড়াক বিকাশ দাসে বৰভেটিৰ পৰা পলায়ন কৰে যদিও পিছত খাটোৱাল থানাৰ আৰক্ষীয়ে বিকাশ দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে। এই ঘটনাটোৱে চামগুৰি আৰু কঠীয়াতলিৰ বৰহোলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷






























