Youtuber:✒️আজি ইউটিউব কেৱল মনোৰঞ্জনৰ মঞ্চ নহয়, বৰঞ্চ ই এক বৃহৎ উপাৰ্জনৰ উৎস হৈ পৰিছে। ইউটিউবৰ জৰিয়তে ভু’গিং, শিক্ষা, কাৰিকৰী বিষয়বস্তু বা অন্যান্য বিষয়ৰ ভিডিঅ’ বনাই লাখ লাখ লোকে ধন উপাৰ্জন কৰি আছে।
কিন্তু ক্রমাৎ বৃদ্ধি পোৱা প্রতিযোগিতাৰ বাবে ইউটিউবাৰসকলৰ বাবে ভিডিঅ’টোত ভিউ লাভ কৰা আৰু সক্রিয় ছাবস্ক্রাইবাৰ বজাই ৰখাটো এক প্রত্যাহ্বান হৈ পৰিছে। বহু সময়ত ইউটিউবাৰে চেনেলটোৰ প্ৰসাৰ বৃদ্ধিৰ প্ৰয়াসত এনে ভুল কৰে, : যাৰ ফলত চেনেলটোৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পৰে।
যদি আপুনিও এজন ইউটিউবাৰ আৰু আপোনাৰ চেনেলত সক্রিয় ছাবস্ক্রাইবাৰ বজাই ৰাখিব বিচাৰে তেন্তে কিছুমান গুৰুত্বপূর্ণ কথা মনত : ৰখাটো প্রয়োজন। কোনবোৰ ভুলৰ পৰা আঁতবি থাকি আপুনি আপোনাৰ চেনেলটো ভালকৈ বৃদ্ধি কৰিব পাৰে জানি লওক।
ইউটিউবৰ সম্প্ৰদায়ৰ নিৰ্দেশনা অনুসৰণ কৰক
যদি আপুনি ইউটিউবত ভিডিঅ’ বনাইছে, তেন্তে নিশ্চিতভারে প্লেটফৰ্মৰ কমিউনিটি গাইডলাইন আৰু মুদ্ৰাকৰণৰ নিয়ম মানি চলক। ঘৃণামূলক ভাষণ, ভুল স্বাস্থ্য তথ্য, হিংসা বা প্রাপ্তবয়স্ক বিষয়ৰ স’তে জড়িত বিষয়বস্তু আপলোড কৰাৰ ক্ষেত্ৰত ইউটিউবে কঠোৰ ব্যৱস্থা গ্রহণ কৰে। আনকি এনে চেনেলৰ বিমুদ্ৰাকৰণ বা নিষিদ্ধ কৰা হয়। গতিকে ইউটিউব পার্টনাৰ প্ৰগ্ৰেমত যোগদান কৰাৰ আগতে সকলো নিয়ম ভালদৰে বুজি লওক।
বিভ্রান্তিকৰ থাম্বনেইল দিয়া এৰক
বহুতো ইউটিউবাৰে আন কিবা এটাৰ ভিডিঅ’ বনাই বিভিন্ন থাম্বনেইল আৰু টাইটেল দি প্ৰাৰম্ভিক ভিউ লাভ কৰে। ইয়াৰ ফলত দৰ্শকৰ বিভ্রান্তিৰ সৃষ্টি হয় আৰু তেওঁলোকৰ আস্থা ভাঙি : যায়। এনে অভ্যাসে হয়তো প্ৰাৰম্ভিক ভিউ আনিব পাৰে, কিন্তু দীর্ঘকালীনভাবে চেনেলটোৰ বৃদ্ধি বন্ধ হৈ যায় আৰু গ্রাহক কমিবলৈ আৰম্ভ কৰে। ভিডিঅ’ৰ বিষয়বস্তু অনুসৰি সদায় থাম্বনেইল আৰু : শিৰোনাম দিব।
কপিৰাইটযুক্ত বিষয়বস্তুৰ পৰা আঁতৰি থাকক
ভাইৰেল ভিডিঅ’ বা আন চেনেলৰ কন্টেন্ট কপি কৰি নিজৰ চেনেলত আপলোড কৰাটো কেবল ভুল নহয়, ইউটিউবৰ কপিৰাইট নিয়ম উলংঘাও। ইয়াৰ ফলত আপোনাৰ চেনেলত স্ট্রাইক হ’ব পাৰে, ভিডিঅ’টো আঁতৰাই পেলাব পাৰি আৰু আনকি চেনেলটো নিষিদ্ধ কৰিব পাৰি। যদি : আপুনি ট্রেন্ডিং কন্টেন্টৰ ওপৰত ভিডিঅ’ বনাব বিচাৰে, তেন্তে আপোনাৰ নিজৰ ষ্টাইলত আৰু মৌলিক ধৰণে উপস্থাপন কৰক।
ভিডিঅ’ৰ মানদণ্ড বেয়া হোৱাৰ পৰা বিৰত থাকক
ভিডিঅ’টোত স্পষ্ট অডিঅ’, বেয়া সম্পাদনা বা ভুল লাইটিঙেও দর্শকক আঁতৰাই নিব পাৰে। : লগতে নিয়মীয়া সময়সূচীত ভিডিঅ’ আপলোড নকৰিলে তেতিয়া দৰ্শকৰ আগ্রহ কমিবলৈ আৰম্ভকৰে। গতিকে মানসম্পন্ন বিষয়বস্তু সৃষ্টি কৰক, শব্দ আৰু পোহৰৰ প্ৰতি গুৰুত্ব দিয়ক আৰু নিয়মীয়াকৈ আপলোডৰ সময়সূচী বজাই ৰাখক। ভিউ আৰু লাইকৰ বাবে যিকোনো ভিডিঅ’ আপলোড কৰিলে কম সময়ৰ বাবেহে ফলাফল পোৱা যাব। দীর্ঘদিনলৈ বৃদ্ধি হ’বলৈ বিষয়বস্তুৰ মানৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপুনি এটা তথ্যসমৃদ্ধ ভিডিঅ’ বনাইছে, তেন্তে নিশ্চিতভাবে তাত শুদ্ধ আৰু মূল্যৱান তথ্য দিয়ক, যাতে দর্শকে ইয়াক চাই উপকৃত হয় আৰু চেনেলৰ স’তে সংযুক্ত হৈ থাকে।
