Israel: ✒️ইজৰাইলে গাজাৰ তিনিটা অঞ্চলত “অস্থায়ী যুদ্ধবিৰতি” জাৰি কৰিছে। টেল আভিভে পুৱা ১০ বজাৰ পৰা নিশা আঠ বজালৈ আল-মাৱাছি, দেইৰ আল-বালাহ আৰু গাজা চহৰত কোনো ধৰণৰ সামৰিক অভিযান চলাব নোৱাৰিব বুলি ঘোষণা কৰিছে।
পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে এনেধৰণে চলিব বুলি জনোৱা হৈছে। ইজৰাইলে জনোৱা অনুসৰি এই পদক্ষেপ সকাহ প্ৰদানৰ বাবে লোৱা হৈছে ।
ইয়াৰ এদিন পূৰ্বে গাজাত ৭১ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰে ৪২ জন লোকে সাহায্য সংগ্ৰহ কৰিবলৈ আহিছিল।
ইফালে আৰু পাঁচজন লোকৰ অনাহাৰে মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি,দেওবাৰে পুৱা কমেও ১৫ জন পেলেষ্টাইনীৰো মৃত্যু হৈছে। এই পৰিস্থিতিত ইজৰাইলৰ এই নতুন ঘোষণা।
কেৱল সেয়াই নহয়, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সাহায্য সংস্থাসমূহে নিৰাপদে সাহায্য প্ৰদান কৰিবলৈ পুৱা ছয় বজাৰ পৰা নিশা ১১ বজালৈ ‘নিৰাপদ পথ’ও ঘোষণা কৰা হৈছে।
স্বাভাৱিকতে গাজাৰ বাসিন্দাসকলে এনে ইজৰাইলৰ এনে সিদ্ধান্তত আচৰিত হৈছে।অৱশ্যে সাহায্য ট্ৰাকসমূহে কেনেকৈ নিৰাপদে গন্তব্যস্থানত উপস্থিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা মে’ মাহৰ পৰা গাজাৰ সাহায্য শিবিৰলৈ খাদ্য আনিবলৈ চেষ্টা কৰি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে, কাৰণ দেশখনৰ খাদ্য সংকটে শিখৰত উপনীত হৈছে।
২০ লাখতকৈ অধিক লোকে খাদ্য আৰু জীৱনৰ মৌলিক প্ৰয়োজনীয় বস্তু পোৱা নাই ।বাহিৰলৈ ওলাই অহাৰ একমাত্ৰ পথ হ’ল সাহায্য শিবিৰ।






























