Loan: নতুনকৈ ব্যৱসায় আৰম্ভ কৰাত আটাইতকৈ ডাঙৰ বাধাটো হ’ল মূলধন। ব্যৱসায়ত খটুৱাবলৈ প্রয়োজন হোৱা মূলধনৰ যোগাৰ কৰিবলৈকে বহুতে বেংকৰ পৰা ঋণ ল’ব লগা হয়।
কিন্তু বেংকৰ পৰা ঋণ ল’বলৈ হ’লে গেৰাণ্টী হিচাপে কিবা নহয় কিবা এটা জমা কৰিব লগা হোৱা বিষয়টোৱে বহুতকে শ’লঠেকত পেলায়। এই ক্ষেত্রত চৰকাৰৰ এখন বিশেষ আঁচনি আছে যিয়ে এই সমস্যাৰ সমাধান দিব পাৰে।এই আঁচনিখনৰ নাম হৈছে প্রধানমন্ত্রী স্বনিধি আঁচনি।
কেন্দ্রীয় চৰকাৰে মুকলি কৰা এই আঁচনিৰ অধীনত বেংকৰ পৰা কোনো ধৰণৰ গেৰাণ্টী অবিহনেই ১০ৰ পৰা ৫০ হেজাৰ টকালৈকে ঋণ পাব পৰা যায়।
আর্থিকভাৱে পিছপৰা লোকসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত এই আঁচনিৰ দ্বাৰা এতিয়ালৈকে সমগ্র দেশৰ ৬২ লাখৰো অধিক পদপথৰ ব্যৱসায়ী উপকৃত হৈছে।
বিশেষকৈ পদপথৰ বিক্রেতাৰ দৰে ক্ষুদ্র ব্যৱসায়ীৰ বাবে ই পৰিৱৰ্তনকামী ফলপ্রসূ আঁচনি হিচাপে প্রমাণিত হৈছে। বর্তমানলৈ এই আঁচনিৰ অধীনত ক্ষুদ্র ব্যৱসায়ীসকলক ৮২ লাখতকৈ অধিক ঋণ প্রদান কৰা হৈছে, যাৰ পৰিমাণ ১০,৯৭৮ কোটিতকৈও অধিক।
আঁচনিখনৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলক তেওঁলোকৰ ৰেকৰ্ড আৰু ডিজিটেল লেনদেনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ১০, ২০ আৰু ৫০ হেজাৰ টকাৰ ঋণ প্রদান কৰা হয়। উল্লেখ্য যে স্বনিধিৰ দ্বাৰা লাভান্বিত বিক্রেতাৰ অধিকাংশই মহিলা বুলি জানিব পৰা গৈছে।
স্বনিধি ঋণৰ বাবে কেনেকৈ আবেদন কৰিব লাগে জানি লওঁক
১০ৰ পৰা ৫০ হেজাৰ টকালৈ ঋণৰ ব্যৱস্থা আছে পিএম স্বনিধি আঁচনি মূলতঃ কৰ’নাৰ সময়ত অতি ফলপ্রসূ বুলি প্রমাণিত হৈছিল। কৰ’নাৰ সময়ছোৱাত বহুতো পদপথৰ ব্যৱসায়ী, হকাৰ, ক্ষুদ্ৰ ব্যৱসায়ী আদিয়ে এই ঋণৰ সুবিধা লৈছিল। এই আঁচনিৰ অধীনত ন্যূনতম ১০ হেজাৰৰ পৰা সর্বাধিক ৫০ হেজাৰ টকালৈ ঋণ ল’ব পাৰি।
কোনো গেৰান্টীৰ প্রয়োজন নাই এই আঁচনিৰ
সর্বোত্তম সুবিধাটো হ’ল-ইয়াৰ অধীনত কোনো গেৰান্টী নোহোৱাকৈ ঋণ পোৱা যায়। কিন্তু ঋণৰাশিৰ মুঠ পৰিমাণ তিনিটা কিস্তিতহে আবেদনকাৰীৰ একাউণ্টত জমা হয়। আনহাতে, আঁচনিখনত ঋণ পৰিশোধৰ বাবে এবছৰৰ সুবিধা থাকে। লগতে এই ঋণ মাহেকীয়া কিস্তিতো পৰিশোধ কৰিব পাৰি।
সুতৰ হাৰ কিমান?
এই আঁচনিখনৰ অধীনত ঋণ ল’লে ঋণৰাশিৰ ওপৰত সাত শতাংশ হাৰত সুত দিব লাগে। যদি কোনো ব্যক্তিয়ে এবাৰ এনে ঋণ লৈ তাক সময়মতে পৰিশোধ কৰে, তেন্তে তেওঁ প্রয়োজন সাপেক্ষে পূৰ্বৰ ঋণৰাশিৰ তুলনাত দুগুণ পর্যন্ত ঋণ লোৱাৰ যোগ্য হৈ পৰে। ইয়াৰ উপৰি ডিজিটেল লোনৰ ইএমআই দিয়াৰ সময়ত কেছবেকো পাব পাৰে তেনে ব্যক্তিয়ে। ফলস্বৰূপে সেই ক্ষেত্ৰত সুতৰ হাৰ শেষ পর্যন্ত বহুখিনি কমি যায়।
কি কি নথিৰ প্ৰয়োজন?
যিহেতু এই আঁচনিৰ অধীনত কোনো গেৰান্টী অবিহনেই ঋণ দিয়া হয়, সেয়েহে পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড দাখিল কৰাটো বাধ্যতামূলক। উল্লেখ্য যে এই ঋণৰ বাবে যিকোনো চৰকাৰী বেংকতে আবেদন কৰিব পাৰি।






























