Accident:✒️গুৱাহাটীত সংঘটিত এক ভয়ংকৰ ঘটনা।অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়ালে এজন লোকক ।
ADVERTISEMENT
প্ৰাপ্ত তথ্য অনুসৰি,দুৰ্ঘটনা সংঘটিত কৰিয়ে অভিনেত্ৰীগৰাকী ঘটনাস্থলীৰ পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে সামাজিক মাধ্যমত যুৱক কেইজনে নন্দিনী কাশ্যপক ঘটনাৰ সন্দৰ্ভত কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টো অভিনেত্ৰীগৰাকীয়ে যুৱক কেইজনৰ স’তে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে।
তথ্য অনুসৰি,ঘটনাটো সংঘটিত হোৱাৰ নিশাই যুৱকজনক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। যুৱকজনে দুৰ্ঘটনাত পতিত হৈ মূৰত আঘাত পোৱাৰ লগতে সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম ছামিউল হক ।






























