Tripura: ✒️ত্ৰিপুৰা সীমান্তত চোৰাং ব্যৱসায়ীৰ বি এছ এফৰ স’তে গুলীবৰ্ষণ । সীমান্ত সুৰক্ষা বাহিনীৰ গুলীচালনাত নিহত হয় দুই চোৰাং ব্যৱসায়ী। ঘটনাস্থলীত ১৪-১৫ লাখ টকাৰ ভায়গ্ৰা উদ্ধাৰ কৰে বি এছ এফে।
বি এছ এফৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে নিশা অভিযুক্তই ত্ৰিপুৰা সীমান্তৰ মাজেৰে বৃহৎ পৰিমাণৰ ভায়গ্ৰা টেবলেট সৰবৰাহৰ চেষ্টা চলাইছিল।
সেই সময়ত বি এছ এফৰ জোৱানসকলে অঞ্চলটোত টহল দি আছিল। যেতিয়া চোৰাং ব্যৱসায়ীক বাধা দিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকে আক্ৰমণ চলায়।
ইয়াৰ পাছতে বি এছ এফেও প্ৰত্যুত্তৰ দিয়ে। বি এছ এফৰ গুলীত থিতাতে নিহত হয় এজন । বাকী দুজন গুলিবিদ্ধ কাঁইটীয়া তাঁৰ পাৰ হৈ পলায়ন কৰে।
সূত্ৰ অনুসৰি তাত চিকিৎসাধীন অৱস্থাত এজন সৰবৰাহকাৰীৰ মৃত্যু হয়। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।
মৃত সৰবৰাহকাৰী দুজনৰ নাম মিলাট আৰু লিটন। দুয়োজনেই বাংলাদেশৰ বংশপাদুৱাৰ অঞ্চলৰ।
এই ঘটনাৰ পাছৰে পৰা ত্ৰিপুৰা সীমান্তত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ফলত সীমান্ত অঞ্চলত নিৰাপত্তা বৃদ্ধি পাইছে। সীমান্ত সুৰক্ষা বাহিনীয়ে অধিক টহল দিয়া দেখা গৈছে।






























