indian railway:ইতিহাস গঢ়িলে ভাৰতীয় ৰেলৱেই । চেন্নাইৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰীত হাইড্ৰজেন চালিত ৰে’লৰ ডবাৰ প্ৰথমটো সফল পৰীক্ষা সম্পূৰ্ণ হয়। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ এক্স হেণ্ডেলত ভিডিঅ’টো শ্বেয়াৰ কৰে ।
আগষ্টৰ শেষৰ ফালে এই ৰে’লখন ব্যৱসায়িকভাৱে মুকলি কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ৰে’লৱেৰ সূত্ৰ অনুসৰি হাইড্ৰ’জেন চালিত এই ৰে’লখন দেখাত সাধাৰণ স্থানীয় ৰে’লৰ দৰেই। যদিও গতি বহুত বেছি। ই ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে দৌৰিব। থাকিব আঠটা কোঠা।দুয়োফালে হাইড্ৰজেন চালিত দুটা ইঞ্জিনে ডবাবোৰ টানিব।
ইন্টিগ্ৰেল কোচ ফেক্টৰীৰ জেনেৰেল মেনেজাৰ চুব্বা ৰাৱে কয় যে, “পাৱাৰ কাৰ (ড্ৰাইভিং পাৱাৰ কাৰ)ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ হৈছে। অহা দুসপ্তাহত দ্বিতীয়খন পাৱাৰ কাৰৰ পৰীক্ষা কৰা হ’ব। ইয়াৰ পাছত সমগ্ৰ ৰেলখনে পৰীক্ষা কৰা হ’ব।”






























