Accident:✒️মৰ্মান্তিক!পাঁচ বছৰীয়া শিশুকন্যাক মহতিয়াই নিলে এখন বিএমডব্লিউয়ে । এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নয়ডাত। ইতিমধ্যে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে নিশা হঠাতে শিশুকন্যাগৰাকী অসুস্থ হৈ পৰাত দেউতাক আৰু ককাকে তাইক স্কুটিৰে হস্পিতাললৈ লৈ যায়।
কিন্তু পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন বিএমডব্লিউ গাড়ীয়ে স্কুটাৰখনত জোৰেৰে খুন্দা মাৰে।
যাৰ ফলত তিনিওজনেই পথত বাগৰি পৰে। থিতাতে শিশুটিৰ মৃত্যু হয়। তাৰ পাছতে ঘটনাস্থলীত উত্তেজনা বিয়পি পৰে। তথ্য লাভ কৰাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
আহত দুজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আহত দুয়ো তাত চিকিৎসাধীন হৈ আছে।চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁলোকৰ অৱস্থা সংকটজনক।
ঘাটক বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে । চালক আৰু তেওঁৰ সংগীক ধৃত যশ শৰ্মা আৰু অভিষেক ৰাৱটক গ্ৰেপ্তাৰ কৰা হৈছে।
যশ নয়ডাৰ ছেক্টৰ-৩৭ৰ বাসিন্দা। আনহাতে অভিষেকৰ ঘৰ নয়দাৰ ছেক্টৰ-৭০ত। দুয়োজনে মদ্যপান কৰিছিল নে নাই তদন্ত চলিছে।






























