Russia:✒️সম্প্রতি নেট মাধ্যমত ৰাছিয়াত জন্মহাৰ হ্ৰাস পোৱাক কেন্দ্ৰ কৰি এটা প’ষ্ট ভাইৰেল হৈছে। সেই প’ষ্টত কোৱা হৈছে যে জনসংখ্যা হ্ৰাসৰ মোকাবিলা কৰিবলৈ ৰাছিয়াত এতিয়াৰ পৰা নিশা ১০ বজাৰ লগে লগে বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হ’ব।
ইয়াৰ উদ্দেশ্য হৈছে যাতে দম্পতীসকলে একেলগে আৰু ভাল সময় অতিবাহিত কৰিবলৈ উৎসাহিত হয়। আনকি জন্মহাৰ আৰু বৃদ্ধি কৰাৰ বাবে চৰকাৰে ৰোমাণ্টিক ভ্রমণৰো আয়োজন কৰিব।
ভাইৰেল হ’লেও বিষয়টোৰ সত্যতাক লৈ যথেষ্ট সংশয় আছে। এই কথা সত্য যে ৰাছিয়াৰ জনসংখ্যা আগৰ দৰে বৃদ্ধি হোৱা নাই। জানুৱাৰী আৰু ফেব্ৰুৱাৰীত কৰা শেহতীয়া সমীক্ষাৰ পৰিসংখ্যা অনুসৰি এই দুমাহত মাত্র ১,৯০,৪০০ শিশুৰহে জন্ম হৈছে ৰাছিয়াত।
বিগত দুশ বছৰত প্রথমবাৰলৈ দেশখনত ইমান কম জন্মহাৰ। বিষয়টোক কেন্দ্ৰ কৰি ৰুছ চৰকাৰ চিন্তিত হ’লেও অৱশ্যে চৰকাৰৰ তৰফৰ পৰা বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ দৰে পদক্ষেপ লোৱা বুলি কোনো খবৰ ওলোৱা নাই।
এই বিষয়ত কোনো চৰকাৰী জাননীও জাৰি হোৱা নাই। একাংশ বিশেষজ্ঞই বিষয়টো ভুৱা প্ৰতাৰ বুলিহে ধাৰণা কৰিছে। অৱশ্যে অন্যান্য দিশৰ পৰা নাগৰিকসকলক সন্তান ধাৰণত উৎসাহিত কৰিবলৈ ৰুছ সংসদে কিছু নতুন নিয়ম আনিব পাৰে।
দেশখনৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ কৰ্মচাৰীসকলক বেতনসহ ছুটি দিব পাৰে চৰকাৰে। কিছুদিন পূর্বেই এই কথা জনাইছিল ৰাছিয়াৰ এজন পুটিন ঘনিষ্ঠ সাংসদে।
উল্লেখ্য যে ৰাছিয়াত সম্প্রতি বার্ষিক জনতাত্ত্বিক সপ্তাহ চলি আছে। সেই সপ্তাহক কেন্দ্ৰ কৰিয়ে ২৫ বছৰীয়া ৰুছ সাংসদ গ্ৰেগৰী আৰাপ’ভে কয়, ‘বহু নাগৰিকৰ বাবে এই ছুটি এক বিৰল সুযোগ। অলপ ক্ষান্ত হওক, শ্বাস লওক,মানসিক চাপৰ পৰা মুক্তি পাওক। লগতে এইবোৰৰ ফলত এনে এক মানসিক অৱস্থা আহিব, যিসময়ক চিকিৎসক আৰু মনোবিদসকলে সন্তানধাৰণৰ আদৰ্শ বুলি গণ্য কৰে।’
ৰাছিয়াৰ এই সর্বকনিষ্ঠ সাংসদজনে লগতে জনায় যে অবিবাহিত লোকসকলেও এই ছুটি লাভ কৰিব, যাতে তেওঁলোকে নতুন জীৱনসংগী বিচাৰি লোৱাৰ সুযোগ পায়। জুনত প্রকাশিত এক সমীক্ষাৰ পৰাই জনা গৈছে যে ৰুছ চৰকাৰৰ অনেক চেষ্টাৰ পাছতো দেশখনত জন্মৰ হাৰ বৃদ্ধি পোৱা নাই। পৰিস্থিতি ইমানেই গুৰুতৰ হৈছে যে ৰুছ শ্রমমন্ত্রী আন্টন কটিয়াক’ভে বিষয়টোক লৈ এক বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰাৰ প্রস্তাৱ দিছে।
আনকি সম্প্রতি এজন পুটিনপন্থী যাজক আন্দ্রেই কাছেভে এই প্রস্তাৱো দিয়ে যে যিসকল পুৰুষে ৪০ বছৰৰ পূৰ্বে পিতৃ হ’ব নিবিচাৰে, তেওঁলোকৰ ওপৰত যাতে চৰকাৰে কৰ আৰোপ কৰে। এই বিষয়ত পোনপটীয়াকৈ একো নক’লেও সম্প্রতি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয়, ‘ৰুছ জনসংখ্যাক ধৰি ৰখাই জাতিৰূপে আমাৰ সবাতোকৈ ডাঙৰ লক্ষ্য। ৰাছিয়াৰ ভাগ্য নির্ণয় কৰিব পৃথিৱীত কিমান ৰুছ জনসংখ্যা আছে, তাৰ ওপৰতে।’






























