Gaza:✒️গাজাত ইজৰাইল আৰু হামাছৰ যুদ্ধৰ ২২ মাহ সম্পূর্ণ হ’ল। বর্তমানলৈকে এই যুদ্ধৰ ফলত অনাহাৰত ১২৪ জন লোকে প্রাণ হেৰুৱালে। খাদ্যৰ অভাৱত প্রাণহানি ঘটা এইসকল লোকৰ ৮১ জন হৈছে শিশু।
চলিত জুলাইত গাজাত অনাহাৰত ৪০ জন লোকৰ মৃত্যু হ’ল আৰু ইয়াৰে ১৬টা শিশু। গাজাত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিকে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সদৰী কৰা অনুসৰি, সম্প্রতি গাজাত ৫০ গ্ৰামৰ এপেকেট বিস্কুটৰ মূল্য ৭৫০ টকা হৈছে।
গাজাবাসীয়ে নগদ ধন বেংকৰ পৰা উলিয়াবলৈ ৪৫ শতাংশলৈকে দালালক কমিছন আদায় দিব লগা হৈছে। পৰিস্থিতি ইমানে ভয়াৱহ হৈছে যে যুদ্ধবিধস্ত গাজাত বহু লোকে এতিয়া নিমখ আৰু পানীৰে জীৱন নিৰ্বাহ কৰিছে।
আন এজন সাংবাদিকে সদৰী কৰা অনুসৰি, যোৱা ২১ মাহত তেওঁৰ শৰীৰৰ ওজন ৩০ কিলোগ্রাম হ্রাস পালে।
দক্ষিণ গাজাৰ সবাতোকৈ বৃহৎ নাছিৰ হাস্পতালত কৰ্মৰত স্বাস্থ্য বিষয়াই সদৰী কৰা অনুসৰি, গাজাত বসবাস কৰা সকলো লোকে বর্তমানে খাদ্যৰ চৰম অভাৱৰ সন্মুখীন হৈছে। যুদ্ধবিধ্বস্ত এই অঞ্চলত পুষ্টিহীনতাত মৃত্যু হোৱা শিশুৰ সংখ্যাও দ্রুত বৃদ্ধি পাইছে ।






























