OperationSindoor:✒️অপাৰেচন সিন্দূৰক লৈ সংসদত মোডী-শ্বাহক লক্ষ্য কৰি লৈছে সাংসদ কল্যাণ বন্দ্যোপাধ্যায়। তেওঁ প্ৰশ্ন কৰে, “সন্ত্ৰাসবাদী ভাৰতত কেনেকৈ প্ৰৱেশ কৰিলে? গৃহমন্ত্ৰী ক’ত আছিল?” লগতে তেওঁ সুধিলে যে কাৰ হেঁচাত অপাৰেচন সিন্দূৰ মাজ বাটত বন্ধ কৰি দিয়া হ’ল।
ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, “অপাৰেচন সিন্দূৰ এতিয়াও বন্ধ হোৱা নাই। পাকিস্তানে নিজৰ কথা ভংগ কৰিলে পুনৰ অভিযান আৰম্ভ কৰা হ’ব।”
আজি সোমবাৰে অপাৰেচন সিন্দূৰৰ আলোচনাৰ সময়ত সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
বিৰোধীৰ হুলস্থুলৰ বাবে বিয়লি দুই বজালৈ অধিৱেশন স্থগিত ৰখা হয়। পাছত যেতিয়া পুনৰ আলোচনা আৰম্ভ হ’ল, তেতিয়া তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জী পহলগাম আক্ৰমণৰ দায়িত্ব মোডী আৰু শ্বাহৰ কান্ধত ৰাখিলে।
তেওঁৰ প্ৰশ্ন, “চাৰিজন সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰি ইমান মানুহক কেনেকৈ হত্যা কৰিলে? তেওঁলোক কেনেকৈ পাকিস্তানলৈ গ’ল? ক’ত আছিল বিএছএফ, চিআৰপিএফ? ক’ত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী (অমিত শ্বাহ)?”
কল্যাণৰ কথাত “মই সেনাবাহিনীক প্ৰশংসা কৰো। কিন্তু কাৰ হেঁচাত অপাৰেচন সিন্দূৰ বন্ধ হ’ল?”
এই সন্দৰ্ভত ৰাজনাথ সিঙে কয়, “অপাৰেচন সিন্দূৰত পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘৰত প্ৰৱেশ কৰি মাত্ৰ ২২ মিনিটতে তেওঁলোকক হত্যা কৰে। পাকিস্তানে আতংকিত হৈ আক্ৰমণ কৰে। ১০ মে’ৰ নিশা পাকিস্তানে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।প্ৰতিশোধমূলক আক্ৰমণত ভাৰতে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰে। কিন্তু ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ কোনো ক্ষতি হোৱা নাছিল। ভাৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিকৰ।”
ইয়াৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “কাৰো হেঁচাত অপাৰেচন সিন্দূৰ স্থগিত কৰোৱা নাই ।পাকিস্তানে ভাৰতীয় সেনাই প্ৰহাৰ কৰাৰ পাছত যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। ১২ মে’ত দুয়োখন দেশৰ ডিজিএমঅ’ৰ মাজত আলোচনা হৈছিল। এই আলোচনাৰ জৰিয়তে দুয়োখন দেশে শত্ৰুতা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।”
লগতে প্ৰয়োজন হ’লে পুনৰ অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়।






























