Punjub:✒️মাজনিশা হঠাৎ বন্ধ হৈ পৰে চিকিৎসালয়ৰ অক্সিজেন প্লাণ্ট। এই ঘটনাৰ বাবেই ট্ৰমা চেণ্টাৰত আই চি ইউত ভৰ্তি হোৱা তিনিজন ৰোগীৰ মৃত্যু হয়। এই ঘটনাত চিকিৎসালয়খনত আতংক বিয়পি পৰে।
ঘটনাটোত ৰোগীসকলৰ আত্মীয়ই চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
কংগ্ৰেছে পঞ্জাৱৰ আপ চৰকাৰক স্বাস্থ্যসেৱা ব্যৱস্থাৰ অৱনতি ঘটা বুলিও অভিযোগ উত্থাপন কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে গভীৰ নিশা হঠাৎ বন্ধ হৈ পৰে চিকিৎসালয়খনৰ অক্সিজেন প্লাণ্ট।
ফলত ট্ৰমা কেয়াৰ চেণ্টাৰৰ আই চি ইউত ভৰ্তি হোৱা এজন সাপে কামোৰা ৰোগী, এজন টিবি আৰু ঔষধৰ অতিমাত্ৰা সেৱনৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা তিনিজন ৰোগীৰ মৃত্যু হয়। তিনিওজনেই অক্সিজেন সমৰ্থনত আছিল।
যেতিয়া চিকিৎসালয় কৰ্তৃপক্ষক সমগ্ৰ ঘটনাৰ অভিযোগ উত্থাপন কৰা হয়, তেতিয়া কৰ্তৃপক্ষই প্ৰত্যুত্তৰ দি কয় যে ,ইতিমধ্যে অক্সিজেন প্লাণ্টত কিছু যান্ত্ৰিক বিজুতি ঘটিছে। দ্ৰুততাৰে আমি সেই ত্ৰুটি সংশোধন কৰিছোঁ। মৃত্যু হোৱা সকলৰ অৱস্থা ইতিমধ্যে ভয়াৱহ হৈ আছিল। ফলত অক্সিজেনৰ অভাৱত এই মৃত্যু হোৱা বুলি কোৱাটো সঠিক নহয়। সমগ্ৰ ঘটনাৰ তদন্তৰ আগতে চিকিৎসালয়খনক এনেদৰে দোষাৰোপ কৰাটো উচিত নহয়।
আনহাতে মৃতকৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগৰ আঙুলি দাঙি ধৰিছে।
সাপৰ কামোৰা অৰ্চনা নামৰ এগৰাকী ৰোগীক যোৱা সাত দিন এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পূৰ্বেও কেবাবাৰো তেওঁৰ অক্সিজেন মেচিন বন্ধ হৈ থকা বুলি পৰিয়ালৰ অভিযোগ উত্থাপন কৰিছে।
কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিয়াৰ পাছটো কোনো ফল নোপোৱাৰ অভিযোগ । বিষয়টোৰ ওপৰত চিকিৎসালয়ৰ কৰ্ত়ৃপক্ষই কোনো গুৰুত্ব নিদিলে।
দেওবাৰে নিশা পুনৰ অক্সিজেনৰ যোগান বন্ধ হৈ পৰাত যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটি মৃত্যুমুখত পৰে।






























