Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কেৱল ক্ষমতাৰ প্রতিয়েই দায়বদ্ধ !

#প্রাঞ্জলসেন ডেকা

publisher by publisher
July 28, 2025
in News, Assam
Reading Time: 1 min read
0
কেৱল ক্ষমতাৰ প্রতিয়েই দায়বদ্ধ !
1
SHARES
6
VIEWS
ShareShareShareShare

কেৱল ক্ষমতাৰ প্রতিয়েই দায়বদ্ধ !

# প্রাঞ্জলসেন ডেকা

বিগত দশকটোত ভাৰতীয় ৰাজনীতি কেতবোৰ নতুন দৃশ্যপটৰ সন্মুখীন হৈছে। নিঃসন্দেহে এই দশকটোৰ ৰাজনীতিয়ে ভাৰত উপ-মহাদেশত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাই থৈ যাব। সপক্ষে-বিপক্ষে ভিন্নমত প্রকাশ হৈ আহিলেও সময়ে নিশ্চয় ইয়াৰ সঠিক বিশ্লেষণ কৰিব। শেহতীয়া এই ধাৰাৰ এটি উদ্বেগজনক দিশ হৈছে, ক্রমশঃ নাইকিয়া হ’বলৈ ধৰা জবাবদিহিতাৰ পৰম্পৰা। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে প্রকৃত গণতন্ত্ৰৰ প্ৰধান চৰ্তই হৈছে, জনতাৰ প্ৰতি দায়বদ্ধতা আৰু জবাবদিহিতা। সেই বাবেই বহু দেশত আনকি কার্যকাল পূৰ্ণ হোৱাৰ পূৰ্বেই জনপ্রতিনিধিক পদৰ পৰা ঘূৰাই অনাৰ অধিকাৰো প্ৰদান কৰা হৈছে নাগৰিকক। কোনো প্রতিনিধিৰ কাম-কাজ পছন্দ নহ’লে অথবা জনস্বাৰ্থৰ পৰিপন্থী হ’লে ভোটাৰে সেই প্রতিনিধিক কার্যকাল সম্পূর্ণ হোৱাৰ পূৰ্বেই ঘূৰাই আনিব পাৰে। Right to recall-ৰ এই ব্যৱস্থাক লৈ দ্বিমত থাকিব পাৰে; কিন্তু জনপ্রতিনিধিক অথবা শাসক পক্ষক জবাবদিহি কৰাৰ ই যে এক অতি কার্যকৰী ব্যবস্থা তাত সন্দেহ নাই।

ADVERTISEMENT

কেবল ভোটদান কৰি প্ৰতিনিধি নির্বাচন কৰাকে গণতন্ত্র বুলি ক’ব নোৱাৰি। শাসন ব্যৱস্থাত নাগৰিকৰ অংশীদাৰিত্ব নাথাকিলে গণতন্ত্র কি হ’বগৈ তাক আৰু বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবো। কিন্তু দেশত ক্রমান্বয়ে অতি কৌশলৰে তেনে এক ব্যৱস্থাই গঢ়ি তোলা হৈছে, য’ত জনতাৰ প্রয়োজন কেৱল ভোটদানতে সীমাবদ্ধ। তাৰ লগে লগে জনতাৰ ওচৰত কোনো কথাতে, লাগিলে সি যিমানে গুৰুত্বপূৰ্ণ নহওক কিয়, শাসক পক্ষই জবাবদিহি হোৱাৰ প্ৰয়োজন অনুভৱ নকৰা হৈছে।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

বিগত এক-দুবছৰৰ ঘটনাৱলীলৈ লক্ষ্য কৰিলেই এই কথা অধিক স্পষ্ট হৈ পৰে। সমগ্র দেশেই নহয়, আন্তর্জাতিক মঞ্চতো প্রতিক্ৰিয়াৰ সৃষ্টিকৰা মণিপুৰৰ ভয়াৱহ গোষ্ঠী সংঘর্ষৰ বাবে আজি পর্যন্ত কোনোবা জবাবদিহি হ’লনে? দিল্লী আৰু ইম্ফলত ‘ডবল ইঞ্জিন’ চৰকাৰ থকাৰ পাছতো এই সংঘর্ষত আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি ৬০ হেজাৰৰো অধিক লোক গৃহহীন হ’ল। সুদীর্ঘ সময় ধৰি প্রয়োজনীয় আৰু পর্যাপ্ত চৰকাৰী সক্ৰিয়তাৰ অভাৱতে ৰাজ্যখনৰ পৰিস্থিতিয়ে এনে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতো কাৰো ওপৰত দায়বদ্ধতা আৰোপ কৰা নহ’ল।

আনকি এনে এক বিষম পৰিস্থিতিৰ বুজ ল’বলৈ আজি দুবছৰ উকলি যোৱাৰ পাছতো ‘অঞ্চলক্ষ্মী’ৰ অন্যতম মণিপুৰত প্রধানমন্ত্রী উপস্থিত নহ’ল। তেনেদৰেই অবৈধ উপায়েৰে শাসক দলৰ হেজাৰ হেজাৰ কোটি টকাৰ বৰঙণি আদায়ৰ বাবে প্ৰৱৰ্তন কৰা নিৰ্বাচনী বণ্ডক সর্বোচ্চ ন্যায়ালয়ে অবৈধ ঘোষণা কৰাৰ পাছতো চৰকাৰে তাৰ বাবে জবাবদিহি হ’ল নে আইনৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিলে? অথচ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আগলৈকে তেনে এক অবৈধ ব্যৱস্থাৰেই শাসক দলে বিভিন্ন উদ্যোগ-প্রতিষ্ঠানক ভীতিগ্রস্ত কৰি শ শ কোটি টকা আদায় কৰিলে।

পৰিতাপৰ বিষয় এয়ে যে ইতিমধ্যে এনে বেপৰোৱা মনোভাৱ ৰাজ্যসমূহলৈও বিয়পি পৰিছে। অসমৰ ক্ষেত্ৰতো ছবিখন পৃথক নহয়। শাসকপক্ষই কেৱল সেইবোৰ বিষয়তহে প্রতিক্রিয়া প্রকাশ কৰে, যিবোৰত তেওঁলোক কোনো ধৰণে লাভৱান হোৱাৰ অংক জড়িত থাকে। আনবোৰ বিষয়ত মুৰ পোলোকা দি সেইবোৰক গুৰুত্বহীন কৰাৰ চেষ্টা চলায়। সেইবাবেই চৰকাৰৰ ভূমিকা সততে পক্ষপাতদুষ্ট হৈ পৰিছে। মুখেৰে দুর্নীতিৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শন কৰি দুই-এজন চৰকাৰী বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিলেও প্রকৃততে দুর্নীতি প্রতিৰোধৰ ক্ষেত্ৰত যে মুঠেই সদিচ্ছা নাই সেয়া ইতিমধ্যে স্পষ্ট হৈছে।

শেহতীয়া উদাহৰণবোৰেই এই কথা অধিক দৃঢ় কৰি তোলে। সম্প্ৰতি ৰাজ্যৰ এজন মন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজ্যৰ সাধাৰণ দুগ্ধপালকৰ বাবে আবণ্টিত ৫০ লাখ টকাৰ ৰাজসাহায্য পত্নীৰ নামত আত্মসাৎ কৰিছে। এই সমগ্র প্রক্রিয়া কিদৰে সকলো চৰকাৰী নীতি-নিয়ম উলংঘা কৰি অবৈধভাৱে সম্পন্ন কৰা হৈছিল, সেই বিষয়ে বিস্তৃতভাৱে ইতিমধ্যে প্রকাশ পাইছে। সকলো চৰকাৰী নথিপত্র ফাদিল হোৱাৰ পাছত স্বয়ং মন্ত্রীজনেও তেওঁৰ পত্নীৰ প্রতিষ্ঠানে ৰাজসাহায্য লাভ কৰাৰ বিষয়টো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

অকল সেয়াই নহয়, গৰুখুঁটি প্রকল্পলৈ বুলি সুদূৰ গুজৰাটৰ পৰা অনা গীৰ গাই আদবাটৰ পৰাই উক্ত মন্ত্রীজনৰ লগতে আন কে’বাজনো মন্ত্রী-বিধায়কে লৈ যোৱা বুলি স্বীকাৰ কৰিছে। লোকচক্ষুৰ সম্মুখত এইদৰে সমস্ত তথ্য-প্রমাণ ওলাই পৰাৰ পাছতো মন্ত্রীজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’লনে? বৰঞ্চ মুখ্যমন্ত্রীয়ে অভিযুক্ত মন্ত্রীজনক ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টাহে চলালে। এনে পৰিপ্ৰেক্ষিততে ৰাজ্যত দুর্নীতি হ্রাস পাইছে অথবা ইয়াৰ বিৰুদ্ধে প্রকৃততে কোনো ব্যৱস্থা গ্রহণত চৰকাৰ ইচ্ছুক বুলি জনসাধাৰণে বিশ্বাস কৰিবনে?

দৰাচলতে সমগ্ৰ ব্যৱস্থাটোৱে মুৰৰ পৰাই গেলি যোৱা সকলোৱে প্রত্যক্ষ কৰিছে। এজনৰ পাছত আনজন বিভিন্ন বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ তুলি ইডি, চিবিআই, আয়কৰ আদি কেন্দ্রীয় সংস্থাৰ দ্বাৰা হাৰাশাস্তি কৰা হৈছে। সেইসকলক জেলৰ ভাত খুৱাব বুলি স্বয়ং প্রধানমন্ত্রীয়েও হুংকাৰ দিছে; কিন্তু সেই দুর্নীতিৰ সদাগৰসকলেই বিজেপিত যোগদান কৰাৰ লগে লগে নিষ্কলুষ হৈ পৰিছে। কেৱল উচ্চ পদবী লাভ কৰাই নহয়, তেওঁলোকৰ বিৰুদ্ধে সকলো ধৰণৰ দুৰ্নীতিৰ তদন্তও স্তব্ধ হৈ পৰিছে। দেখদেখকৈ এনে নির্লজ্জ কার্যকলাপ অব্যাহত থকাত দেশজুৰি ক্ষোভ-অসন্তুষ্টিৰ উদ্ভৱ হৈ অহাৰ পাছতো শাসক পক্ষই কাৰো ওচৰত জবাৱদিহি হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই; বৰঞ্চ দিনে দিনে এনে কার্য বৃদ্ধিহে পাইছে।

তেনেদৰেই সম্প্রতি ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰি উদ্বেগৰ সৃষ্টি কৰিছে। ন্যূনতম পানীৰ অভাৱত এই শাওণৰ বতৰতো কৃষকে খেতি কৰিব নোৱাৰি মূৰে-কপালে হাত দিছে। পৰিস্থিতি এনে পর্যায় পাইছে যে চলিত বর্ষত ৰাজ্যত ধান উৎপাদন হ্রাস পাব বুলি বিশেষজ্ঞসকলে সতর্ক কৰি দিছে; অথচ খেতিপথাৰত পানী যোগানৰ বাবে ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰি জলসিঞ্চন নামৰ বিভাগ এটা চলাই থকা হৈছে। এই বিভাগটো পৰিচালনাৰ বাবে ৰাইজৰ কৰ-কাটলৰ ধনেৰে মন্ত্রী এজনকো পুহি থকা হৈছে।

উন্নতিৰ জখলাত ৰকেটৰ গতিত আগবঢ়া বুলি সততে দাবী কৰি অহা চৰকাৰৰ কাৰ্যকালত আজিও ৰাজ্যৰ কৃষকে পথাৰত কাম কৰিবলৈ জলসিঞ্চনৰ পানীৰ সলনি বৰষুণলৈহে অপেক্ষা কৰিবলগীয়া হৈছে। অকল সেয়েই নহয়, প্রতিঘৰ পৰিয়ালক নলেৰে পানী যোগানৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অসমত কি শোচনীয় ৰূপ সেই বিষয়ে ইতিমধ্যে এই কাকততে বিস্তৃতভাবে প্রকাশ পাইছে। ৰাজ্য আৰু ৰাজ্যবাসীক ছুই যোৱা এনেবোৰ গুৰুতৰ বিষয়ত লজ্জাজনক ব্যর্থতাৰ বাবে সংশ্লিষ্ট মন্ত্রীসকল অথবা চৰকাৰৰ মুৰব্বী কাৰোবাৰ ওচৰত জবাবদিহি হ’লনে? এফালে দুর্নীতি-ভ্রষ্টাচাৰ আৰু আনফালে শোচনীয় ব্যর্থতাৰ পাছতো সেইসকল নেতা-মন্ত্রীক ৰাজভোগ খাবলৈ সুযোগ দি ভোটাৰ ৰাইজক উপলুঙা কৰা হোৱা নাইনে? এয়া মাত্র দুটা সামান্য উদাহৰণহে, বিতং তথ্য দিবলৈ হ’লে তালিকা যথেষ্ট দীঘলীয়া হ’ব।

পৰিস্থিতি এনে হৈছেগৈ যে দুর্নীতিৰ প্ৰকাৰো এতিয়া ভিন ভিন হৈ পৰিছে। শাসক পক্ষই আঙুলিওৱা বিলাকহে যেন দুর্নীতি-অনিয়ম; তাৰ বিপৰীতে তেওঁলোক জড়িত থকা দুষ্কার্যসমূহ ধর্তব্য নহয়। পাঁচশ-এহেজাৰ টকা উৎকোচ গ্রহণ কৰা এজন আৰক্ষী জোৱান অথবা কোনো বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি তথাকথিত দুর্নীতি বিৰোধী জেহাদ ঘোষণা কৰা হৈ আহিছে; অথচ ৰাজ্যখনত প্রতিদিনে শাসক পক্ষৰ পৃষ্ঠপোষকতা আৰু আৰক্ষীৰ শীর্ষ মহলৰ সহযোগত এশ এটা অবৈধ কার্য বিনাবাধাই অব্যাহত আছে।

এইবোৰ ঘটনা তথ্য-প্রমাণসহ দাঙি ধৰাৰ পাছতো সততে নিম্নপৰ্যায়ৰ বিষয়া-কর্মচাৰীক সততাৰ পাঠদান কৰা আৰক্ষীৰ শীর্ষ মহলে চকু মুদি থকাটো ৰাজ্যবাসীৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই। এনে ধৰণৰ পক্ষপাতদুষ্ট কার্যকলাপক লৈও চৰকাৰ কাৰো ওচৰত জবাবদিহি হোৱা নাই। জনতাৰ দ্বাৰা নির্বাচিতসকলে ক্ষমতা লাভৰ পাছত এনেদৰেই জনতাক গুরুত্বহীন কৰি পেলাইছে।

দৰাচলতে সমগ্ৰ ব্যৱস্থাটোকে এনেদৰে গঢ়ি তোলা হৈছে যে নামত গণতান্ত্রিক শাসন অব্যাহত থাকিলেও সকলো চাবিকাঠি মুষ্টিমেয় কেইজনমান ব্যক্তিৰ কুক্ষিগত হৈছে। প্রথমতে, ভোটাৰৰ সন্মুখত কোনো বিকল্প নাই। যি ব্যক্তিক নিজৰ প্রতিনিধিৰূপে ভোট দি দিল্লী-দিছপুৰলৈ প্ৰেৰণ কৰিব, সেইজনক প্রার্থীৰূপে বাছনি কৰাৰ কোনো সুযোগ এই দেশৰ ভোটাৰৰ হাতত নাই। সবাতোকৈ শক্তিশালী মূল প্রতিদ্বন্দ্বী দলে তেওঁলোকৰ শীর্ষ নেতৃত্বই বন্ধ কোঠাত নির্ধাৰণ কৰি দিয়া ব্যক্তিয়েহে প্রার্থীৰূপে অবতীর্ণ হোৱাৰ সুযোগ লাভ কৰে।

ফলস্বৰূপে নিজৰ পছন্দৰ নহ’লেও সেই প্রার্থীৰ মাজৰে এজনক ভোটাৰে নিৰ্বাচন কৰিবলৈ বাধ্য। গতিকে ইয়াত প্রকৃততে ভোটাৰৰ পছন্দ অথবা অপছন্দৰ কোনো মূল্য নাই। দ্বিতীয়তে, দিনে দিনে প্রতিটো নির্বাচনৰে ব্যয় যিদৰে আকাশলংঘী হৈ পৰিছে, তাত বিত্তশালী দলৰ প্ৰাৰ্থী নহ’লে আনসকল প্রতিদ্বন্দ্বিতালৈ অহাৰ সম্ভাৱনাই নাই। ধনবলৰ গুৰুত্ব এইদৰে বৃদ্ধি পাই অহাৰ ফলত নির্বাচনত অৱতীর্ণ হৈ জয়লাভ কৰাটো যিকোনো সাধাৰণ সৎ চৰিত্ৰৰ লোকৰ বাবেই সুদূৰ পৰাহত হৈ পৰিছে।

তৃতীয়তে, মুখেৰে যিয়েই কোৱা নহওক, ব্যৱস্থাটো এনেদৰে অতি কেন্দ্রীভূত কৰা হৈছে যে ইয়াত জনগণ অথবা সাধাৰণ দলীয় কর্মীৰ কোনো ভূমিকা নাই। সকলো ৰিম ‘ট কন্ট্র’লৰ দ্বাৰাই পৰিচালিত হৈছে। এনেদৰেই এক ব্যৱস্থা গঢ়ি তোলা হৈছে, য’ত নাগৰিকে ভোটদানহে কৰিব পাৰে, তাৰ বাহিৰে আন ক্ষেত্ৰত অংশীদাৰিত্বৰ সুযোগ লাভ নকৰে। জনতাৰ প্ৰতি জবাৱদিহিতাৰ বাধ্যবাধকতাও এনেদৰেই নিঃশেষ কৰি পেলোৱা হৈছে। চৰকাৰৰ মুৰব্বীসকলৰ দুর্নীতি-অনিয়ম স্পষ্টভাবে দাঙি ধৰাৰ পাছতো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ঊর্ধ্বতন কর্তৃপক্ষই চকু মুদা কুলিৰ ভাও লৈ থাকিলে গণতন্ত্ৰৰ অৰ্থই হেৰাই নাযাবনে?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootEditor's Article
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d