Germany: ✒️লাইনচ্যুত হ’ল জাৰ্মানীৰ দক্ষিণ-পশ্চিমাঞ্চলৰ এখন ৰেল। তথ্য অনুসৰি,ৰেলখনত প্ৰায় ১০০ জন যাত্ৰী আছিল। এই দুৰ্ঘটনাত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱাইছে। বহু আহত হয়।
বাডেন-উৰ্টেমবাৰ্গৰ ৰিডলিংগেন চহৰৰ ওচৰত প্ৰায় ৬:১০ বজাত যাত্ৰীবাহী ৰে’লখন হঠাতে লাইনচ্যুত হয় । কিহৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হয় সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।
জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে কয় যে ৰে’ল দুৰ্ঘটনাৰ খবৰটো অতি দুখজনক। তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”
ফ্ৰেড্ৰিচে লগতে কয়,”এই বিষয়ত পৰিবহণ মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ স’তে নিয়মীয়াকৈ যোগাযোগ কৰি আছো।’ ইতিমধ্যে জৰুৰীকালীন সেৱাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। শীঘ্ৰে যাত্ৰীসকলক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, ছিগমাৰিংগেন আৰু উলমৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। ঘটনাটোত এতিয়ালৈকে কমেও তিনিজন লোকৰ মৃত্যু হৈছে। বহু আহত হৈছে।
প্ৰাথমিক তদন্ত অনুসৰি এই লাইনচ্যুতৰ কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ হ’ব পাৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, লাইনৰ কাষত গছ পৰি আছে।






























