ULFA(I):সংগ্রাম দীঘলীয়া হ’লেও যুঁজি যাবলৈ দৃঢ়তা প্রকাশ আলফা (স্বাধীন)ৰ

অমৰ মৃতক দিৱস পালন, তালিকা দীঘলীয়া হৈ গৈ থাকিলেও লক্ষ্যপ্ৰাপ্তিৰ পৰা বিচলিত কৰিব নোৱাৰে: দোহাৰিলে পৰেশ অসমে

paresh asom

ULFA(I):

আলফা (স্বাধীন) ই বিগত বৰ্ষৰ দৰে আজিও ‘অমৰ মৃতক’ দিৱস পালন কৰি কয় যে ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰই তেওঁলোকক দমন কৰিবলৈ চেষ্টা নকৰক কিয়, তাত সফল হ’ব নোৱাৰে। কাৰণ অসমৰ হেৰুওৱা আজন্ম ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে জীৱন উছগা কৰিবলৈ সংগঠনৰ প্রতিজন সেনানী প্রস্তুত। দিৱসৰ লগত সংগতি ৰাখি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত সংগঠনৰ সভাপতি
পৰেশ অসমে কয় যে ভাৰত ৰাষ্ট্ৰই অসমৰ স্বাধীনতাৰ বিপ্লৱক যিমানেই দীঘলীয়া কৰিব নিবিচাৰক কিয়, আলফা (স্বাঃ)ৰ যুঁজ অব্যাহত থাকিব।

এই দীঘলীয়া বিপ্লৱত অমৰ মৃতকৰ তালিকাখন দীঘলীয়া হৈ গৈ থাকিলেও আলফা (স্বাঃ)ৰ কাংক্ষিত লক্ষ্যপ্ৰাপ্তিৰ পৰা বিচলিত অথবা হতাশ কৰিব নোৱাৰে। বৰঞ্চ অমৰ মৃতকসকলৰ ত্যাগে আলফা (স্বাঃ) ক নিজৰ লক্ষ্যত স্থিতপ্রজ্ঞ হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্রাণিতহে কৰিব।

উল্লেখ্য যে ১৯৯১ৰ আজিৰ দিনটোতেই দৰঙৰ দিপীলাত ভাৰতীয় সেনাই সেই সময়ৰ আলফাৰ পাঁচজন লোকক গুলীয়াই হত্যা কৰিছিল। আলফা (স্বাঃ)ৰ দাবী অনুসৰি, ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰা পাঁচোজন নিৰীহ লোক আছিল আৰু তেওঁলোকক স্বাধীনতাৰ মুক্তি সেনানী সজাই হত্যা কৰা হৈছিল। তেতিয়াৰ পৰা ২৭ জুলাইৰ দিনটোক অমৰ মৃতক দিৱস হিচাপে সংগঠনটোৱে পালন কৰি আহিছে।

বিবৃতিটোত শেহতীয়াকৈ ম্যানমাৰত আলফা (স্বাঃ)ৰ শিবিৰত চলোৱা আক্ৰমণৰ বিষয়েও উল্লেখ কৰা হয়। তাত উল্লেখ কৰা অনুসৰি, ভাৰতীয় সেনাৰ দ্বাৰা এই আক্রমণ চলোৱা হৈছিল। সংগঠনটোৰ কে’বাটাও চলমান শিবিৰত আধুনিক প্রযুক্তিৰে চলোৱা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি নয়ন অসম, সহকাৰী বিত্ত সম্পাদক গণেশ অসম আৰু সামৰিক সদস্য টিকেন্দ্ৰ অসমৰ মৃত্যু হয়। তিনিওজনকে অমৰ মৃতক হিচাপে ঘোষণা কৰা হয়।

বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে এনেদৰেও, ‘ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰই সামৰিক শক্তি প্রয়োগৰে অথবা বিভিন্ন প্ৰকাৰৰ লোভ-লালসা, প্রলোভন দি অসমৰ হৃত স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ বিপ্লৱক নিঃশেষ কৰি অসমৰ ওপৰত অভিভাৱকৰ কর্তৃত্ব যুগ যুগান্তৰলৈ বাহাল ৰাখিব বিচাৰিছে। কোনো স্বাধীনমনা জাতিয়ে এয়া মানি ল’ব নোৱাৰে। নিজকে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ বুলি জাহিৰ কৰিব বিচৰা ভাৰতে আত্মোপলব্ধি কৰা উচিত যে অসম আৰু অসমৰ জনগণে ভাৰতৰ ঔপনিবেশিক কৱলৰ পৰা সার্বভৌম স্বাধীনতা বিচৰাটো সুস্থ গণতান্ত্রিক বিশ্বাসী সকলো নাগৰিকৰ আৰু ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত অধিকাৰ; কিন্তু ঔপনিবেশিক ভাৰতৰ শাসকসকলে গণতান্ত্রিক প্ৰক্ৰিয়াৰে আমাৰ ন্যায্যতাক সম্মান প্ৰদৰ্শনৰ সলনি সামৰিক শক্তি প্ৰয়োগ কৰি সংগ্ৰাম নিঃশেষ কৰিবলৈ উঠিপৰি লাগিছে। ভাৰত ৰাষ্ট্ৰৰ এই চৰিত্ৰৰ বাবে অসমৰ স্বাধীনতা বিপ্লর দীঘলীয়া হোৱাটো স্বাভাবিক। সেই বুলি আমাক লক্ষ্যপ্ৰাপ্তিৰ পৰা বিচলিত কৰিব নোৱাৰে।’

লক্ষ্যণীয়ভাবে সংগঠনটোৱে শেহতীয়া কে’বাটাও বিবৃতিত আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ দাবীৰ বিষয়ে উত্থাপন কৰিছিল; কিন্তু এই বিবৃতিটোত তেনে কোনো বিষয়ৰ অৱতাৰণাই নকৰিলে।

Exit mobile version