Myanmar:✒️যোৱা ১৩ জুলাইত ম্যানমাৰৰ সীমান্তত অৱস্থিত আলফা (স্বাধীন) আৰু মণিপুৰৰ সংগঠন পিএলএৰ শিবিৰত অতর্কিতে চলা আক্ৰমণত ভাৰতীয় সেনাই জড়িত বুলি সোমবাৰে তথ্যসহ প্রমাণ দাঙি ধৰি দাবী কৰে অসমৰ সশস্ত্র সংগঠনটোৱে।
এই আক্রমণত কোন জড়িত সেই কথা আজিলৈকে কোনেও স্বীকাৰ কৰা নাই। আনকি অসমৰ মুখ্যমন্ত্রীয়েও এই বিষয়ত অজ্ঞতা প্রকাশ কৰিছে। ইয়াৰ বিপৰীতে আক্ৰমণত ভাৰতীয় সেনা জড়িত বুলি আলফা (স্বা)ই দাবী কৰি আহিছে।
লক্ষ্যণীয়ভাৱে সংগঠনটোৰ এই দাবী কোনোপক্ষই আজিলৈকে স্পষ্ট কৰি দিয়া নাই। তাৰ বিপৰীতে নিজৰ স্থিতিত অটল আলফা (স্বা)ই সোমবাৰে সেই দাবীৰ সত্যতা প্ৰতিপন্ন কৰাৰ চেষ্টা চলায়।
সোমবাৰে এক বিবৃতিৰ জৰিয়তে সংগঠনটোৱে দাবী কৰে যে ভাৰতীয় সেনাই ক্ৰয় কৰা উচ্চপ্রযুক্তিৰ ড্ৰ’নৰে বোমা কঢ়িয়াই তেওঁলোকৰ শিবিৰত আক্রমণ চলায়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা ড্ৰ’নৰ ভগ্নাংশৰ পৰা এই তথ্য নিশ্চিত কৰা হৈছে।
এই ড্র’নৰে কঢ়িয়াই শিবিৰলৈ নিক্ষেপ কৰা হৈছিল থার্মোবাৰিক ৱাৰমেট বোমা তথা ভেকুৱাম বোমা। এই বোমা কমেও ৩০ কিলোমিটাৰ দূৰলৈ প্ৰক্ষেপ কৰিব পাৰি। প্ৰতিখন ড্ৰ’নৰ মূল্য ৩০ হেজাৰ ডলাৰ।
বিবৃতিটোত এইবুলিও উল্লেখ কৰা হৈছে যে ভাৰতৰ উপৰি জৰ্জিয়া, লিবিয়া, পোলেণ্ড, ইউক্রেইন, ইউএই, জাপান আৰু দক্ষিণ কোৰিয়াই এই বোমা ব্যৱহাৰ কৰে। ভাৰতীয় সেনাই, বিগত ২০২২ত এইবিধ বোমা লাভ কৰিছিল। তাৰ পাছতে এবাৰ আলফাৰ শিবিৰত আক্রমণো চলোৱা হৈছিল।
সেই আক্রমণতে খহি পৰা এটা অংশ সংগঠনটোৱে পৰীক্ষা কৰি বোমাৰ পৰিচয় উদ্ধাৰ কৰিছিল। বিবৃতিটোত এইবুলিও উল্লেখ কৰা হৈছে যে ভাৰতীয় সেনাই ২০২২ত লাডাখত এই বোমাৰ পৰীক্ষা চলাইছিল।
যোৱা ১৩ জুলাইত সংঘটিত আক্ৰমণৰ ঘটনাত কোন জড়িত তাক সদৰী নকৰাৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰীক কেন্দ্ৰৰ পুতলা আখ্যাও বিবৃতিটোত দিয়া হৈছে। অসমৰ উপৰি অৰুণাচল প্রদেশ, মণিপুৰ আৰু নগালেণ্ডৰ মুখ্যমন্ত্রীকো এই আখ্যা দিয়া হৈছে।






























