Borjhar:✒️বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ আশা-পাশে থকা চাৰে চাৰি হেজাৰ বিঘা ভূমিত চকু পৰিছে পুঁজিপতি গোষ্ঠী আদানীৰ। ফলত এই ভূমি আদানীক গতাই দিয়াৰ উদ্দেশ্যে চৰকাৰে ভূমি অধিগ্রহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।
উল্লেখ্য যে ইতিমধ্যে আদানীক গতাই দিয়া বৰঝাৰ বিমানকোঠক কেন্দ্ৰ কৰি উক্ত অঞ্চলটোত এৰ’ চিটী নির্মাণ কৰিবলৈ প্রস্তুতি চলাইছে আদানী গোষ্ঠীয়ে। ফলত এই অঞ্চলৰ তিনিখনকৈ ৰাজহ গাঁৱৰ সাতামপুৰুষীয়া ভূমি অধিগ্রহণৰ বাবে তৎপৰতা আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে।
ইতিমধ্যে জিলা প্রশাসনে সংশ্লিষ্ট অঞ্চলৰ গাঁওবুঢ়াৰ জৰিয়তে এহেজাৰ বিঘা ভূমিৰ গৰাকীলৈ জাননী জাৰি কৰিছে। এই জাননী লাভৰ পাছতে গড়ল, আজাৰা আৰু মির্জাপুৰৰ কে’বাশ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। তাৰ মাজতে চৰ্চালৈ আহিছে যে এয়া মাথোঁ আৰম্ভণিহে, এই প্ৰকল্পৰ বাবে বৃহত্তৰ অঞ্চলটোৰ কমেও চাৰে চাৰি হেজাৰ বিঘা ভূমি থলুৱাৰ পৰা অধিগ্রহণ কৰি আদানীক গতাব ৰাজ্য চৰকাৰে।
মির্জাপুৰৰ কে’বাজনো জ্যেষ্ঠ নাগৰিকে কৰা এই আশংকাক নস্যাৎ নকৰিলে স্থানীয় গাঁওপ্রধানেও। ফলত বৃহত্তৰ অঞ্চলটোৰ কে’বা হেজাৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে।
উল্লেখ্য যে ‘দৈনিক অগ্রদূত’ৰ ক্ষেত্ৰভিত্তিক অভিযানত মির্জাপুৰ ৰাজহ গাঁৱৰ নাম প্রকাশত অনিচ্ছুক কে’বাজনো জ্যেষ্ঠ নাগৰিকে কয়, ‘প্রথম পৰ্যায়ত চৰকাৰে বিমানকোঠৰ গাতে লাগি থকা গড়ল, মির্জাপুৰ আৰু আজাৰা ৰাজহ গাঁৱৰ প্রায় চাৰিশ বিঘা মাটি অধিগ্রহণ কৰিব। ইতিমধ্যে ভূমিৰ গৰাকীলৈ জিলা প্রশাসনে জাননী জাৰি কৰিছে। অৱশ্যে চৰকাৰে অধিগ্রহণ কৰিবলৈ বিচৰা গৰিষ্ঠ সংখ্যক ভূমি কৃষি শ্ৰেণীৰ আৰু খালী মাটি। এই অধিগ্রহণ কৰিবলগীয়া ভূমিত ৩০-৪০টা পৰিয়ালৰহে বসতি আছে; কিন্তু এই মাটি সাতামপুৰুষীয়া মাটি আৰু এই সন্দৰ্ভত তিনিখন গাঁৱৰ মাজত যৌথ সভা অনুষ্ঠিত কৰা হৈছে। অহা ৩০ জুলাইত মুখ্যমন্ত্রীয়ে আমাক আলোচনালৈ মাতিছে আৰু এই আলোচনাৰ পাছতহে ৰাইজে চূড়ান্ত সিদ্ধান্ত ল’ব।’
তেওঁলোকে লগতে কয়, ‘কিন্তু কেৱল এই মাটিয়েই নহয়, চৰকাৰে আৰু মাটি অধিগ্রহণ কৰিব। মাষ্টাৰ প্লেন অনুসৰি প্ৰায় চাৰে চাৰি হেজাৰ বিঘা মাটি চৰকাৰে অধিগ্রহণ কৰিব। ৰাণী চ’কৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ধাৰাপুৰ, ধাৰাপুৰৰ পৰা গড়ল, গড়লৰ পৰা ভিআইপিলৈ মুঠ চাৰে চাৰি হেজাৰ বিঘা ভূমি পর্যায়ক্রমে অধিগ্রহণ কৰিব।’
ইফালে, স্থানীয় জ্যেষ্ঠ নাগৰিকে বৃহত্তৰ অঞ্চলটোত চাৰে চাৰি হেজাৰ বিঘা ভূমি চৰকাৰে অধিগ্রহণৰ বিষয়টো নস্যাৎ কৰা নাই স্থানীয় গাঁওপ্রধান গোলক চন্দ্র দাসে। তেওঁ আজি কয়, ‘এই কথা শুনি আছো; কিন্তু এই সন্দর্ভত প্রশাসনৰ পৰা কোনো তথ্য লাভ কৰা নাই।’
সদ্যহতে তিনিখন ৰাজহ গাঁৱৰ প্ৰায় চাৰিশ বিঘা ভূমি অধিগ্ৰহণৰ জাননী আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মির্জাপুৰ ৰাজহ গাঁৱৰ ২৫৭ বিঘা চাৰে ন লেচা আৰু আজাৰা ৰাজহ গাঁৱৰ ৮৩ বিঘা চাৰি কঠা ১৫ লেচা ভূমি অধিগ্রহণৰ জাননী মোক বিতৰণ কৰিবলৈ দিয়া হৈছে। ৰাইজে প্রথমে জাননী ল’ব খোজা নাছিল; কিন্তু এতিয়া দিয়া হৈছে। বিশেষকৈ এই অধিগ্রহণত কিছুমান মানুহৰ ঘৰ পৰিছে।’
উল্লেখ্য যে মির্জাপুৰৰ ৭০৫জন ভূমিৰ গৰাকী আৰু আজাৰাৰ ৩১৫ জন ভূমিৰ গৰাকীলৈ তেওঁ ভূমি অধিগ্রহণৰ জাননী দিছে বুলি উল্লেখ কৰি গাঁওপ্রধানজনে কয়, ‘অধিগ্রহণ হ’ব লগা এই ভূমি কৃষি শ্ৰেণীৰ। আগতে খেতি কৰিছিল যদিও এতিয়া দীর্ঘ বছৰ ধৰি খেতি কৰা হোৱা নাই। এতিয়াও এই ভূমি কৃষি শ্রেণীতে আছে। অৱশ্যে কিছুমানে ক্রয় কৰি মাটিৰ শ্ৰেণী সলনি কৰি লৈছে।’
মাটি এৰি দিবলৈ ৰাইজ সন্মত নহয় বুলি দোহাৰি গাঁওপ্রধানে লগতে কয়, ‘মির্জাপুৰ গাঁৱত যিমান মাটি আছিল, ইয়াৰ ৬০ শতাংশ ভূমি ইতিমধ্যে অধিগ্রহণ কৰা হৈছে। বৰ্তমানলৈ পাঁচবাৰ অধিগ্রহণ কৰা হৈছে। প্রথমে সৈনিকসকলৰ কাৰণে আৰু বিমানকোঠৰ বাবে চাৰিবাৰ অধিগ্রহণ কৰা হৈছে। ১৯৬২ৰ পৰা অধিগ্রহণ হৈ আছে।’
উল্লেখ্য যে এই মাটি অধিগ্রহণক কেন্দ্র কৰি তিনিখন গাঁৱৰ ভুক্তভোগী লোকসকল একগোট হৈ ইখনৰ পাছত সিখন সভা অনুষ্ঠিত কৰিছে যদিও বিষয়টোক লৈ স্থানীয় লোক দুটা ভাগত বিভক্ত হৈছে। বিশেষকৈ ৰাজনৈতিকভাবে প্রভাৱশালী স্থানীয় লোকসকলে সাতামপুৰুষীয়া ভূমি হেৰুৱালগীয়া তথা ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ বিচৰা লোকৰ মুখ বন্ধ ৰখাৰ চেষ্টা চলিছে। স্বয়ং গড়লৰ কে’বাজনো লোকে এই কথা স্বীকাৰ কৰিছে। অৱশ্যে মির্জাপুৰ গাঁৱৰ একাংশ বাসিন্দাই ৩০ জুলাইত মুখ্যমন্ত্ৰীৰ স’তে অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পাছতহে প্রতিক্রিয়া প্রকাশ কৰিব বুলি মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত ৰাজহুৱা সভাত সিদ্ধান্ত গ্রহণ কৰিছে।
লক্ষ্যণীয়ভাবে এই অধিগ্ৰহণৰ পাছত অঞ্চলটোত কোনো খালী মাটি নাথাকিব বুলি স্থানীয় ৰাইজে সদৰী কৰিছে।






























