Pahalgam Mastermind Suleiman Shah:✒️’অপাৰেছন সিন্দূৰ’ক লৈ কালি সংসদত আলোচনাৰ দিনাই পহলগাম আক্ৰমণৰ চক্রী ছুলেমান ওৰফে হাছিম মুছা নিহত হয় সেনাবাহিনীৰ ‘অপাৰেছন মহাদেৱ’ত। সূত্ৰত প্রকাশ যে জম্মু-কাশ্মীৰৰ শ্রীনগৰৰ দাচিগামৰ জংঘলত ভাৰতীয় সেনাৰ অভিযানত কালি তিনি সন্ত্রাসবাদী নিহত হয়।
সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্রাসবাদীৰ দলটো পাকিস্তানৰ পৰা আহিছিল। সূত্রত প্রকাশ যে নিহত সন্ত্রাসবাদীৰ ভিতৰত আছে পহলগামৰ নৃশংস আক্ৰমণৰ মূলচক্রী ছুলেমান ওৰফে হাছিম মুছা।
অৱশ্যে সেনাই এই বিষয়ত কোনো নিশ্চিতি দিয়া নাই।সেনাই জনোৱা মতে, অপাৰেছন মহাদেৱ এতিয়াও অব্যাহত আছে। পৰিকল্পনা অনুসৰিয়ে এই অভিযান আৰম্ভ কৰা হৈছে। অভিযান আৰম্ভ কৰাৰ পূৰ্বে ১৪ দিন লস্কৰ ই তৈবা আৰু জইচ ই মহম্মদৰ সন্ত্রাসবাদীৰ ওপৰত চোৰাংচোৱা বাহিনীয়ে দৃষ্টি ৰাখে।
দাচিগামত এটা চীনা ৰেডিঅ’ৰ সক্ৰিয়তাৰ তথ্য লাভ কৰিয়ে দৃষ্টি ৰাখিছিল চোৰাংচোৱাই। সোমবাৰে পুৱা দাচিগাম অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে।
শ্রীনগৰৰ অদূৰত অৱস্থিত মহাদেৱ পৰ্বতৰ পাদদেশত অৱস্থিত এই দাচিগাম জংঘল। যাৰ বাবে অভিযানৰ নাম দিয়া হয় অপাৰেছন মহাদেব। বিগত কিছুদিন ধৰি এই দাচিগামৰ জংঘলত সেনাই দৃষ্টি ৰাখে আৰু টহলো দিয়ে।
সূত্ৰত প্রকাশ যে চোৰাংচোৱাই জুলাইৰ প্ৰথম সপ্তাহতে তথ্য লাভ কৰে যে এই জংঘল অঞ্চলৰ পৰা চীনা আল্ট্রা ৰেডিঅ’ৰ জৰিয়তে আন কোনো স্থানতে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখে।
ইয়াতে সন্দেহ ওপজে চোৰাংচোৱাৰ আৰু তীক্ষ্ণ নজৰ দিবলৈ আৰম্ভ কৰে। সমান্তৰালভাৱে লস্কৰ তথা জৈচৰ সন্ত্রাসবাদীৰ ওপৰতো দৃষ্টি ৰাখে। এই মর্মে তথ্য লাভকৰে যে লস্কৰৰ সন্ত্রাসবাদীয়ে চীনা ৰেডিঅ’ৰ দ্বাৰা কাৰোবাৰ স’তে যোগাযোগ কৰিব চেষ্টা কৰিছে।
২০১৬ত তেওঁলোকে ইয়াৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ পাছতে হাৰৱানৰ মালনা অঞ্চলত অভিযান আৰম্ভ হয়। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক বিধি কুমাৰ বীৰদিয়ে জনোৱা মতে, মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে।
ইপিনে, নিহত আন দুজন সন্ত্রাসবাদীৰ নাম হ’ল আবু হামজা আৰু য়াছিৰ। শ্রীনগৰ আৰক্ষীৰ জ্যেষ্ঠ পৰিদৰ্শক জি ভি সন্দীপ চক্রবর্তীয়ে কয় যে নিহত তিনিজনে পাকিস্তানৰ। তেওঁলোক লস্কৰৰ সন্ত্রাসবাদী। উল্লেখ্য যে নিহত ছুলেমানে পাকিস্তানৰ সেনাতো কৰ্মৰত আছিল।
পহলগাম কাণ্ডৰ পাছত ছুলেমানৰ তথ্য দিওতাজনক ২০ লাখ টকা পুৰস্কাৰ দিয়া হ’ব বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে ঘোষণা কৰিছিল। সোমবাৰে নিহত তিনি সন্ত্রাসবাদীয়ে দুর্ধর্ষ বুলি সূত্রত প্রকাশ।






























