Guwahati :
মহানগৰীৰ সদাব্যস্ত উলুবাৰীৰ জিএছ ৰোডত অঘটন । পুৱাই বৰা চাৰ্ভিচৰ পেট্ৰল পাম্পৰ সমীপত পথৰ কাষত খান্দি থোৱা গাঁতত আৱদ্ধ হৈ হাউলি পৰে ৰন্ধন গেছ চিলিণ্ডাৰ ভৰ্তি ট্রাক ৷ ফলত ৰাজপথত পৰে বহু কেইটা চিলিণ্ডাৰ ৷
ADVERTISEMENT
আনহাতে ট্রাকখন খন আবদ্ধ হৈ পৰাত তীব্র যান-জঁটৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ ট্ৰাক খনৰ ওচৰলৈ যাব দিয়া নাই কোনোলোকক ৷ অৱশ্যে কিছু সময়ৰ পিছত যানবাহন সমূহ আহযাহ কৰিবলৈ দিয়ে আৰক্ষীয়ে ৷






























