Lion:✒️অটুট বন্ধুত্ব। একেলগে আছিল সদায়। গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল অঞ্চলত আছিল দুয়ো। নাম আছিল জয়-বীৰু। হয়তো তেওঁলোকৰ বন্ধুত্ব দেখি তেওঁলোকৰ নামো ‘শ্বোলে’ চিনেমাখনৰ চৰিত্ৰ দুটাৰ নামেৰে ৰখা হৈছিল। কিছুসময় বিচ্ছেদ হৈ থকাৰ পাছতে দুয়োৰে মৃত্যু হয় দুই সিংহ।
যোৱা মাহত দুটা পৃথক ঘটনাত গুৰুতৰভাৱে আহত হৈছিল জয় বীৰু। অৰণ্যৰ দুটা ভিন্ন ঠাইত আন সিংহৰ স’তে কাজিয়াত হৈছে দুয়োৰ।গুৰুতৰভাৱে আহত অৱস্থাত দুয়োকে উদ্ধাৰ কৰা হয়।
কিন্তু যুঁজৰ কিছুদিন পাছতে ১১ জুনত বীৰুৰ মৃত্যু হয়। বিগত মঙলবাৰে জয়ৰো মৃত্যু হয় ।
গুজৰাটৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন জয়পাল সিঙে কয় যে এই সিংহ দুটা গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ। “গুৰুতৰভাৱে আঘাত পোৱাৰ কিছুদিন পাছতে বিৰুৰ মৃত্যু হয়। মঙলবাৰে জয়ৰো মৃত্যু হয়।দুয়োটা সিংহ উদ্ধাৰ কৰা হ’ল (যুদ্ধৰ পিছত)। আমি সিহঁতক বচাবলৈ বহুত চেষ্টা কৰিলোঁ। কিন্তু তেওঁলোক আৰোগ্য হৈ নুঠিল।”
জয়-বীৰুৱে গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল অঞ্চলত ঘূৰিছিল। কেৱল এই সিংহ দুটা চাবলৈ বহুতে গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ছাফাৰী কৰি গৈছিল।
ৰাজ্যসভাৰ সাংসদ তথা বন্যপ্ৰাণী বিশেষজ্ঞ পৰিমল নাথৱানীৰ ভাষাত “জয়-বিৰুৰ বন্ধুত্ব দেখা, বা তেওঁলোকৰ কাহিনী শুনা সকলোৰে বাবে এই দুটা সিংহৰ মৃত্যু বেদনাদায়ক।” তেওঁৰ মতে জয়-বিৰু অবিহনে গীৰ কেতিয়াও আগৰ দৰে নহ’ব।






























