Gaza:✒️দুমুঠি খাদ্য যেন সপোন হৈ পৰিছে গাজাৰ অগণন মানুহৰ । পৰিস্থিতি দিনক দিনে ভয়াৱহ হৈ পৰিছে।
এই পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ পৰিচালিত বিশ্ব খাদ্য কাৰ্যসূচী আৰু ইউনিচেফৰ এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে,যুদ্ধ আৰম্ভ হোৱাৰ পাছত গাজাই খাদ্য আৰু পুষ্টিৰ আটাইতকৈ বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছে।
চিএনএনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে দিনে দিনে অনাহাৰ আৰু পুষ্টিহীনতা আৰু অধিক বৃদ্ধি পাইছে। যাৰ বাবেই মানুহ মৃত্যুৰ সন্মুখীন হৈছে।
তথ্য অনুসৰি, এপ্ৰিলৰ পৰা জুলাই মাহৰ মাজভাগলৈ স্বাস্থ্যকৰ্মীয়ে ২০ হাজাৰ শিশুক পুষ্টিহীনতাৰ চিকিৎসা কৰিছিল।
ইয়াৰে কমেও ১০৩০ জনৰ অৱস্থা সংকটজনক। শেহতীয়া তথ্য অনুসৰি গাজাৰ দুৰ্ভিক্ষৰ পৰিস্থিতি চৰম পৰ্যায়লৈ উপনীত হৈছে ।
বহু লোকে জীয়াই থাকিবলৈ পাত আৰু দূষিত পানী খাব লগা হৈছে ।২০২৩ চনৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত নতুন সংঘাত চলিছে।ইয়াত কমেও ৬০ হেজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হোৱা হৈছে।
ইফালে গাজাৰ চাৰি লাখ ৭০ হাজাৰ লোকে অনাহাৰে দিন কটাইছে। ইয়াৰে ভিতৰত অধিকাংশই শিশু!
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা মে’ মাহৰ পৰা গাজাৰ সাহায্য শিবিৰলৈ খাদ্য আনিবলৈ চেষ্টা কৰি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।






























