Jammu and Kashmir: ✒️ভাৰত-পাকিস্তান সীমান্তৰ সিপাৰে অনুপ্ৰৱেশৰ আন এক প্ৰয়াস। জম্মু-কাশ্মীৰৰ পুঞ্চ অঞ্চলত নিৰাপত্তাৰক্ষীৰ স’তে সংঘৰ্ষত লিপ্ত অনুপ্ৰৱেশকাৰী। সেনাৰ সূত্ৰ অনুসৰি বন্দুকৰ যুঁজত নিহত হয় দুজন অনুপ্ৰৱেশকাৰী ।
ভাৰতীয় সেনাৰ ‘হোৱাইট নাইট কৰ্পছ’ই জনোৱা মতে, বুধবাৰে পুঞ্চ অঞ্চলত দুজন অচিনাক্ত ব্যক্তিৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰা হয়।
সীমান্তৰ কাঁইটীয়া তাঁৰেৰে তেওঁলোকৰ গতি সন্দেহজনক হোৱাৰ বাবে তেওঁলোকক আটক কৰা হয়। তাৰ পাছত তেওঁলোকে হঠাৎ গুলীচালনা আৰম্ভ কৰিলে।সেনাইও প্ৰতিশোধ লয়। বুধবাৰৰ অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন শিৱশক্তি’।
সূত্ৰৰ অনুসৰি, কাঁইটীয়া তাঁৰ পাৰ হৈ ‘পাক অধিকৃত কাশ্মীৰ’ৰ পৰা ভাৰতত দুই সন্দেহযুক্ত লোকে প্ৰৱেশ কৰে। তেওঁলোকৰ হাতত নাছিল কোনো বৈধ নথি।
তেওঁলোকে কি উদ্দেশ্যেৰে ভাৰতত প্ৰৱেশ কৰিব বিচাৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পুঞ্চৰ ডেঘৱাৰ ছেক্টৰত আন কোনো অনুপ্ৰৱেশকাৰী বা উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে নেকি সেই বিষয়ে জানিবলৈ অভিযান চলাইছে।






























