Bongaigaon:
বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পালেংবাৰী-কলবাৰী পথৰ পাঠকাটাত মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ। মৃত লোকজন কলবাৰী নিবাসী ছুৰহাপ আলী (৪৫) বুলি জানিব পৰা গৈছে।কোনো দুৰ্বৃত্তই জনশূন্য পাঠকাটা পথাৰৰ মাজত হত্যা কৰাৰ সন্দেহ।
মৃত ছুৰহাপ আলীৰ মুৰৰ পিছফালে চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট থকাত কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি প্ৰায় নিশ্চিত হৈ পৰিছে। পালেংবাৰী বজাৰৰ পৰা গাখীৰ বিক্ৰী কৰি নিজৰ এএছ ১৫ চি-৪২৫৬ নম্বৰৰ বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত কোনো দুৰ্বৃত্তই হত্যা কৰে লোকজনক। ছুৰহাপ আলী পেছাত গোৱাল বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিত মাণিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লোকজনক কোনে কিয় হত্যা কৰিলে জানিব পৰা হোৱা নাই।






























