Brutal murder in Bamunbari :
প্ৰাত:ভ্ৰমণ কৰিবলৈ গৈ ঘাতকৰ হাতত প্ৰাণ গ’ল এজন যুৱ ব্যৱসায়ীৰ ৷ এই চাঞ্চল্যক ঘটনা সংঘটিত হয় ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত ৷
প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱা বামুণবাৰী কয়লাগৰা গৰা নিবাসী দেবা বৰুৱা নামৰ যুৱ ব্যৱসায়ীজনক কুঠাৰেৰে আক্ৰমণ কৰে স্থানীয় মুখেশ্বৰ গগৈ নামৰ এজন লোকে ৷ সংকটজনক অৱস্থাত দেবা বৰুৱাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে ৷
ঠাইতে ঢলি পৰা দেবা বৰুৱাক পুনৰ কেইবাবাৰো আঘাত কৰি আক্ৰমণকাৰী মুখেশ্বৰ গগৈ আঁতৰি যায় ৷ সংকটজনক অৱস্থাত দেবা বৰুৱাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ এই লোমহৰ্ষক ঘটনাৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত দেবা বৰুৱাৰ মৃত্যুক শোকস্তব্ধ হৈ পৰিছে অঞ্চলবাসী ৷
আনহাতে আক্ৰমণকাৰী মুখেশ্বৰ গগৈক বৰ্তমান মৰাণ আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ কি কাৰণত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ’ল সেই বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ জেৰাত শীঘ্ৰেই সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
